জন্মদিনৰ আগদিনা সাপে দংশন কৰিলে ছলমান খানক, ফাৰ্ম হাউচত কাম কৰি থাকোতেই এই অঘটন

Salman Khan gets bitten by snake at Panvel farmhouse ahead of birthday

সাপে দংশন কৰিলে বলিউডৰ চুপাৰষ্টাৰ ছলমান খানক। ফাৰ্ম হাউচত কাম কৰি থাকোতেই সংঘটিত হয় এই ঘটনা। নিজৰ পানভেল ফাৰ্ম হাউচত কাম কৰি থকাৰ সময়তে সাপে দংশন কৰে অভিনেতাগৰাকীক।

জন্মদিনলৈ মাজত মাত্ৰ এটা দিন থাকোতে সৰ্প দংশনত আহত ছলমান খান। শনিবাৰে নিশা পানভেল ফাৰ্মহাউচত কাম কৰি থকাৰ সময়তে ছলমান খানৰ হাতত দংশন কৰে এটা বিষ নথকা সাপে। ততাতৈয়াকৈ অভিনেতাগৰাকীক লৈ যোৱা হয় MGM হাস্পতাললৈ। হাস্পতালত Anti-Venom মেডিচিন দিয়াৰ পিছতে কেইঘন্টামানৰ কাৰণ অভিনেতাগৰাকীক নিৰীক্ষণ কৰা হয়। পৰৱৰ্তী সময়ত আজি দিনৰ ভাগতেই হাস্পতালৰ পৰা যাবলৈ দিয়া হয় অভিনেতাগৰাকীক।

উল্লেখ্য যে, নিজৰ পানভেল ফাৰ্ম হাউচত জন্মদিন উদযাপন কৰাটো অভিনেতাগৰাকীৰ বাবে এক পৰম্পৰাস্বৰূপ। প্ৰত্যেক বছৰৰ দৰে এই বছৰো নিজৰ ৫৬ বছৰীয়া জন্মদিন উদযাপনৰ বাবে ফাৰ্ম হাউচলৈ গৈছিল অভিনেতা ছলমান খান।

Category
Profile picture for user UB Photos