গুৱাহাটীৰ সকলো কফি প্ৰেমিলৈ আছে এটা ভাল খবৰ। গোলকীয় কফি আউটলেট, ষ্টাৰবাকচ আহি আছে গুৱাহাটীলৈ!
কফি শ্বপটো বৰ্তমান জি এচ ৰোডৰ সমিপত আয়কৰ ভৱনৰ বিপৰীতে নিৰ্মাণ অৱস্থাত আছে। সূত্ৰৰ দ্বাৰা প্ৰকাশ হোৱা অনুসৰি ষ্টাৰবাকচৰ আৰু দুখন বিপনী কিছুদিনৰ ভিতৰতে হৈ উঠিব।
ষ্টাৰবাকচ ২০১২ চনৰ অক্টোবৰত ভাৰতলৈ আহিছিল। নিগমে টাটা গ্লোবেল বেভাৰেজৰ সৈতে অংশীদাৰীত্ব কৰিছিল আৰু মুম্বাইত তেওঁলোকৰ প্ৰথম আউটলেট খুলি ইয়াৰ নাম দিছিল "টাটা ষ্টাৰবাকচ"।
১৯৭১চনৰ ৩০মাৰ্চত স্থাপিত, ষ্টাৰবাকচ কৰ্পোৰেচন হৈছে এক বহুজাতিক শৃংখলা যিয়ে ৱাশ্বিংটনৰ চিয়েটলত প্ৰথম কফি হাউচ খুলিছিল।
ষ্টাৰবাকচক 'কফি সংস্কৃতিৰ দ্বিতীয় ঢৌ'ৰ বাবে জনাজাত আৰু ইয়াত পোৱা কফিৰ প্ৰকাৰৰ বাবে সকলোৱে ধন্যবাদ দিয়ে। গৰম বা ঠাণ্ডা, সম্পূৰ্ণ বীন বা মাইক্ৰ'গ্ৰাউণ্ড, এচপ্ৰেচ' বা কেফি লেটেকে আদি কৰি তালিকাখন দীঘল।
যি কি নহওক, এই বাতৰিয়ে গুৱাহাটীৰ কফি প্ৰেমীসকলক সঁচাকৈয়ে উৎসাহিত কৰিছে।
- Log in to post comments