Coffee Lover

গুৱাহাটীৰ সকলো কফি প্ৰেমিলৈ আছে এটা ভাল খবৰ। গোলকীয় কফি আউটলেট, ষ্টাৰবাকচ আহি আছে গুৱাহাটীলৈ!

কফি শ্বপটো বৰ্তমান জি এচ ৰোডৰ সমিপত আয়কৰ ভৱনৰ বিপৰীতে নিৰ্মাণ অৱস্থাত আছে। সূত্ৰৰ দ্বাৰা প্ৰকাশ হোৱা অনুসৰি ষ্টাৰবাকচৰ আৰু দুখন বিপনী কিছুদিনৰ ভিতৰতে হৈ উঠিব।

ষ্টাৰবাকচ ২০১২ চনৰ অক্টোবৰত ভাৰতলৈ আহিছিল। নিগমে টাটা গ্লোবেল বেভাৰেজৰ সৈতে অংশীদাৰীত্ব কৰিছিল আৰু মুম্বাইত তেওঁলোকৰ প্ৰথম আউটলেট খুলি ইয়াৰ নাম দিছিল "টাটা ষ্টাৰবাকচ"।