চৰকাৰী পৰীক্ষাত নকলৰ অত্যাধুনিক পদ্ধতি! চালে চকু কপালত উঠিব আপোনাৰ…

Exam Cheating

আজিকালি শিক্ষাৰ্থীসকলৰ মাজত মনোযোগেৰে অধ্যয়ন কৰাতকৈ থগ্ প্ৰৱঞ্চনাৰে সহজে সফল হোৱাৰ প্ৰৱণতা অধিক বৃদ্ধি পাইছে। আমি সকলোৱে জীৱনত বহু পৰীক্ষাত অৱতীৰ্ণ হৈছো, আৰু সেইবাবে জানো যে নকল কৰাটো এক অনুচিত উপায়। কিন্তু, উত্তৰ প্ৰদেশৰ এগৰাকী শিক্ষাৰ্থীয়ে চৰকাৰী চাকৰিৰ বাবে হোৱা পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ গ্ৰহণ কৰিলে অভিনৱ নকল পদ্ধতি। কি কৰিলে শুনিলে আপোনাৰ চকু কপালত উঠিব। কেমেৰাত বন্দী হৈ ৰ’ল শিক্ষাৰ্থীগৰাকীৰ এই অত্যাধুনিক নকল পদ্ধতি।

 

শিক্ষাৰ্থীগৰাকীয়ে নকল চুলি (wig) পিন্ধি আহিছিল চৰকাৰী পৰীক্ষা দিবলৈ। সেই চুলিৰ ভিতৰতে লুকুৱাই ৰাখিছিল নকল পেপাৰ আৰু Wireless ইয়াৰফোন। প্ৰাৰ্থীগৰাকীয়ে মূৰত এটা উইগটোত খাপ খোৱাকৈ ইয়াৰফোন লগাই ৰাখিছিল।

ঘটনাৰ সময়ত উপস্থিত থকা আইপিএছ বিষয়া ৰূপিন শৰ্মাই এটা টুইটযোগে ভিডিঅ’ শ্বেয়াৰ কৰে। ভিডিঅ’টো সামাজিক মাধ্যমত এতিয়া ভাইৰেল হৈ পৰিছে।

Category
Profile picture for user UB Photos