বনহস্তীৰ আক্ৰমণত বনৰক্ষী আহত; বৰ্তমান সংকটজনক অৱস্থাত বনৰক্ষীজন

Wild Elephant Attack

মঙলবাৰে হোজাই জিলাৰ লংকা অঞ্চলত হাতীৰ আক্ৰমণৰ ফলত এজন বনৰক্ষী গুৰুতৰভাৱে আহত হয়।

আহত বন বিষয়াজন শিৱজিৎ শৰ্মা বুলি চিনাক্ত কৰা হৈছে। 

উল্লেখ্য় যে, বনৰীয়া হাতীৰ এটা জাকক খেদি পঠিয়াবলৈ চেষ্টা কৰি থকা অৱস্থাত আঘাতপ্ৰাপ্ত হৈছিল বন বিষয়াজন।

খবৰ অনুসৰি, বনৰীয়া হাতীৰ দলটোৱে খাদ্যৰ সন্ধানত অৰণ্যৰ পৰা গাওঁলৈ ওলাই আহিছিল। আৰু তেতিয়া এটা বন বিভাগৰ দলে হাতীবোৰক খেদি পঠিয়াবলৈ চেষ্টা কৰি থকা অৱস্থাত হাতীৰ জাকটোৰ এটাই ঘূৰি গৈ বিষয়ীাজনক আক্ৰমণ কৰিছিল।

ঘটনাটোৰ পিছত শিৱজিৎ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু কথমপি প্ৰাণ ৰক্ষা পৰে। পিছত তেওঁক ততাতৈয়াকৈ হাজী আব্দুল মজিদ মেম'ৰিয়েল হস্পিটেললৈ লৈ যোৱা হয়।

উল্লেখ কৰিব পাৰি যে, যোৱা কেইদিনমানৰ পৰা মানুহ-হাতীৰ সংঘাত বৃদ্ধি পাইছে। হাতীয়ে মানুহক আক্ৰমণ কৰাৰ বিভিন্ন খবৰ বিভিন্ন ঠাইৰ পৰা পোৱা গৈছে আৰু যাৰ ফলত ভুক্তভোগীৰ মৃত্যু হোৱাও দেখা গৈছে।

Category
Profile picture for user UB Photos