উত্তৰ-পূব সীমান্ত ৰে’লৱেত নৱ সংযোজন। যাত্ৰীৰ সুবিধাৰ্থে মুকলি হ’ল গুৱাহাটী-নাহৰলগুণ ভিষ্টাড’ম ৰে’লসেৱা। লগতে নাহৰলগুণ-নিউ তিনিচুকীয়া ভিষ্টাড’ম ৰে’লসেৱাৰো শুভাৰম্ভণি।
দেওবাৰে এই ৰে'লসেৱাৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ফ্লেগ অফ কৰা অনুষ্ঠানটোত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে ৰাজ্যিক ৰে’লমন্ত্ৰী দৰ্শনা জাৰ্ড’ছ। গুৱাহাটী ৰে’লৱে ষ্টেচনত আয়োজন কৰা এই মুকলি অনুষ্ঠানত ভাৰ্ছুৱেলি অংশগ্ৰহণ কৰে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে। নতুনকৈ দুখন ৰে'লৰ মুকলি কৰাৰ লগতে পূৰ্বৰে পৰা গুৱাহাটীৰ পৰা হাফলঙলৈ চলা ভিষ্টাডম ৰে'লখন বদৰপুৰলৈকে চলাচল কৰিব।
কনফাৰেন্সিঙৰ জৰিয়তে অংশগ্ৰহণ পেমা খাণ্ডুৰ। উল্লেখ্য যে, অসম আৰু অৰুণাচল প্ৰদেশৰ পৰ্যটনৰ ক্ষেত্ৰত সংযোগ বৃদ্ধি কৰাৰ বাবেই এই ভিষ্টাদম ৰে'লসেৱাৰ মুকলি কৰা হৈছে। এই ভিষ্টাড'ম ৰে'লসেৱাই যাত্ৰীসকলক যথেষ্ট উপকৃত কৰিব বুলি আশাবাদী অসম-অৰুণাচল চৰকাৰ।
- Log in to post comments