কৰীণা কাপুৰ খান, অমৃতা অৰোৰাৰ দেহত ধৰা পৰিছে কোভিড১৯

Kareena Kapoor Khan And Amrita Arora

কৰীণা কাপুৰ খান, অমৃতা অৰোৰাৰ দেহত ধৰা পৰিছে কোভিড১৯। বলীউডৰ দুয়োগৰাকী অভিনেত্ৰী, যিসকল ঘনিষ্ঠ বন্ধু, তেওঁলোকক শেহতীয়াকৈ মুম্বাইত কোভিড প্ৰটোকল অনুসৰণ নকৰাকৈ বহুতো পাৰ্টিত উপস্থিত থকা দেখা গৈছিল। 

কৰীণা কাপুৰ আৰু অমৃতা অৰোৰা ঘনিষ্ঠ বন্ধু আৰু প্ৰায়ে একেলগে পাৰ্টি কৰে। শেহতীয়াকৈ, দুয়োজন বন্ধুক মুম্বাইত কৰিশ্মা কাপুৰ আৰু মালাইকা অৰোৰাৰ সৈতে ফুৰিবলৈ যোৱা দেখা গৈছিল। বাতৰি অনুসৰি, বৃহন্মুম্বাই পৌৰ নিগমে (বিএমচি) কৰীণা আৰু অমৃতাৰ সংস্পৰ্শলৈ অহা লোকসকলক আৰটিপিচিআৰ পৰীক্ষা কৰিবলৈ কৈছে।

ANIয়ে টুইট যোগে জনায় যে, "অভিনেতা কৰীণা কাপুৰ খান আৰু অমৃতা অৰোৰাই #COVID19  পৰীক্ষা কৰিছিল আৰু ইতিমধ্য়ে ফলাফল পজিটিভ আহিছে। তেওঁলোক দুয়োৱে কোভিডৰ নিয়ম উলংঘা কৰিছিল আৰু কেইবাটাও পাৰ্টিত উপস্থিত আছিল। বিএমচিয়ে দুয়োজন অভিনেতাৰ সংস্পৰ্শলৈ অহা লোকসকলক আৰটি-পিচিআৰ পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিছে।

 

শেহতীয়াকৈ, জনপ্ৰিয় অভিনেতা কমল হাছান কোভিড-১৯ৰ পৰা আৰোগ্য হৈছে। কমল হাছানক ২২ নৱেম্বৰত চেন্নাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

Category
Profile picture for user UB Photos