আমি তেওঁক জীৱিত অৱস্থাত উদ্ধাৰ কৰিছিলো, তেওঁ সৰু সৰুকৈ নামটো কৈছিল- উদ্ধাৰকাৰী দল

Bipin Rawat

তামিলনাডুৰ কুনুৰত হেলিকপ্টাৰ দুৰ্ঘটনাৰ পিছত হেলিকপ্টাৰৰ ধ্বংসাৱশেষৰ পৰা টানি নিয়াৰ সময়ত প্ৰতিৰক্ষা কৰ্মচাৰী প্ৰধান জেনেৰেল বিপিন ৰাৱাট জীৱিত আৰু সম্পূৰ্ণ সচেতন আছিল। তেওঁ উদ্ধাৰকাৰী দলৰ সন্মুখত তেওঁৰ নামটোও উচ্চাৰণ কৰি আছিল।

দুৰ্ঘটনাটোৰ পিছত দলটোৰ জ্যেষ্ঠ মুখ্য অগ্নিনিৰ্বাপক আৰু উদ্ধাৰকাৰী কৰ্মী এন চি মুৰলীয়ে কয়, "আমি ২ জন লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰিছিলো, যাৰ ভিতৰত এজন আছিল চিডিএছ বিপিন ৰাৱাট। তেওঁ সৰু সৰুকৈ নামটো কৈছিল। চিকিৎসালয়লৈ যোৱাৰ পথত তেওঁৰ মৃত্যু হয়। আমি সেই সময়ত জীৱিত অৱস্থাত উদ্ধাৰ হোৱা আন জন ব্যক্তিক চিনাক্ত কৰিব পৰা নাছিলো। পিছত তেওঁক চিনাক্ত কৰা হৈছিল যে তেওঁ গ্ৰুপ কেপ্টেইন বৰুণ সিং।"

প্ৰতিবেদন অনুসৰি, বিপিন ৰাৱাটৰ শৰীৰৰ তলৰ অংশ গুৰুতৰভাৱে জ্বলি গৈছিল; তেওঁক এখন বেডশ্বীটত মেৰিয়াই এম্বুলেন্সত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।

উদ্ধাৰকাৰী দলে কৈছিল যে জ্বলি থকা হেলিকপ্টাৰৰ ধ্বংসাৱশেষ নিৰ্বাপিত কৰিবলৈ অগ্নি নিৰ্বাপক সেৱাৰ ইঞ্জিনটো অনাৰ কোনো পথ নাছিল। ইয়াৰ বাবে ওচৰৰ ঘৰ আৰু নদীৰ পৰা পানী আনি জুই নুমুৱাবলৈ চেষ্টা কৰা হৈছিল।

তদুপৰি, উদ্ধাৰকাৰী দলটোৱে বহুতো সমস্যাৰ সন্মুখীন হৈছিল কিয়নো দুৰ্ঘটনাস্থলীৰ ওচৰত বহুতো গছ আছিল। দলটোৱে ১২ জন লোকৰ মৃতদেহ বিচাৰি পাইছিল য'ত দুজন লোকক হেলিকপ্টাৰৰ ধ্বংসাৱশেষৰ পৰা জীৱিত অৱস্থাত টানি অনা হৈছিল। জীয়াই থকা এই দুয়োজন লোক গুৰুতৰভাৱে দগ্ধ হৈছিল। একে সময়তে, বায়ু সেনাৰ দলটোৱে হেলিকপ্টাৰৰ ভঙা অংশবোৰৰ বিষয়ে উদ্ধাৰকাৰী দলটোক নিৰন্তৰ পথ প্ৰদৰ্শন কৰি আছিল।

দুৰ্ঘটনাস্থলীটো কাটেৰী গাঁৱৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰত। কোটাৰীৰ পোথাম পোন্নামে হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ আগতে পাৰ হৈ যোৱাৰ শব্দ শুনিছিল। তেওঁ কয় যে ইয়াৰ অলপ পিছতে প্ৰচণ্ড বিস্ফোৰণ ঘটে আৰু জানিব পৰা মতে হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল। কাটেৰীৰ বাসিন্দাসকলে জিলা বিষয়াসকলক অৱগত কৰে, যাৰ পিছত সতৰ্কতামূলক ব্যৱস্থা হিচাপে তেওঁলোকৰ এলেকাত বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰা হয়।

চিডিএছ বিপিন ৰাৱাটে ৱেলিংটন ষ্টাফ মহাবিদ্যালয়ত গৈ থকা অৱস্থাত এই শোকাবহ ঘটনাটো সংঘটিত হয়।

Category
Profile picture for user UB Photos