বিজেপি বিধায়ক তেৰাশ গোৱালাক ডিব্ৰুগড় অভিমুখী ৰাজধানী ৰেলত আক্ৰমণ

Terash Gowala

ভাৰতীয় জনতা পাৰ্টিৰ বিজেপি বিধায়ক তেৰাশ গোৱালাক ৰাজধানী এক্সপ্ৰেছত আক্ৰমণ।

গোৱালাই দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছত যাত্ৰা কৰি থকা সময়তে এই অপ্ৰীতিকৰ ঘটনা সংঘটিত হয়।অভিযোগ অনুসৰি বিধায়ক তেৰছ গোৱালা নিজ পত্নীসহ দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছৰ জৰিয়তে ডিব্ৰুগড়লৈ যাত্ৰা কৰিছিল। ডিব্ৰুগড়লৈ গৈ থকাৰ অৱস্থাতে তেওঁ বহি যোৱা ডবাৰ যাত্ৰীয়ে তেওঁক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছ। অভিযোগ অনুসৰি একেটা ডবাতে যাত্ৰা কৰা আন যাত্ৰীয়েও তেওঁক আক্ৰমণ কৰিছে।

প্ৰথমতে তৰ্ক-বিতৰ্ক আৰু তাৰপিছত পৰিস্থিতি অধিক উত্তপ্ত হোৱাৰ পিছতে যাত্ৰীজনে গোৱালাক আক্ৰমণ কৰিছিল বুলি অভিযোগ কৰা হৈছে।

গোৱালাই কয়, "মই মোৰ পৰিয়ালৰ সৈতে গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ ৰাজধানী এক্সপ্ৰেছত যাত্ৰা কৰি আছিলো, লাইট অফ কৰাৰ বাবে তীব্ৰ তৰ্ক-বিতৰ্কৰ ফলত তেওঁ মোক আক্ৰমণ কৰিছিল।"

গোৱালাই তৎক্ষণাৎ বিষয়টো ৰেল আৰক্ষী বাহিনীক অৱগত কৰে।

পিছত হোজাই জিলাৰ বাসিন্দা ৰমাকান্ত ৰয় বুলি চিনাক্ত কৰা আক্ৰমণকাৰীজনক লামডিং ৰেল ষ্টেচনত গ্ৰেপ্তাৰ কৰা হয়।

ইফালে, লামডিঙৰ বিধায়ক শিবু মিশ্ৰ আৰু বিজেপি দলৰ কেইবাজনো কৰ্মীয়ে বাতৰিটো পোৱাৰ পিছত গোৱালাক লগ কৰিবলৈ লামডিং ষ্টেচনত একগোট হয়।

খবৰ অনুসৰি, কেইবাজনো ক্ষুব্ধ বিজেপি কৰ্মীয়ে গ্ৰেপ্তাৰ কৰা ৰমাকান্ত ৰয়ক আক্ৰমণ কৰে যাৰ ফলত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়।

Category