ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনয়ন তালিকাত অসম সন্তান নীলোৎপল বৰা!

Nilotpal Bora

অসমৰ সুযোগ্য সন্তান সংগীত শিল্পী, সুৰকাৰ নিলোৎপল বৰা সন্মানীয় ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনীত হৈছে।

নিলোৎপল বৰাক ৱেব চিৰিজ 'Aspirants'ত তেওঁৰ কামৰ বাবে শ্ৰেষ্ঠ মূল চাউণ্ডট্ৰেক শ্ৰেণীত ফিল্মফেয়াৰ অ'টিটি বঁটাৰ বাবে মনোনীত কৰা হৈছে।

aspirants

নীলোৎপল বৰাই ৰোহিত শৰ্মাৰ সৈতে ৱেব চিৰিজখনৰ বাবে সংগীত কৰিছিল। তেওঁ চিৰিজখনৰ বাবে দুটা গানৰ সংগীত কৰিছিল।

উল্লেখ্য় যে, নীলোৎপল বৰা বলীউডৰ প্ৰখ্যাত সংগীত পৰিচালক শংকৰ এহছান লয় আৰু শচীন জিগৰৰ সৈতে মনোনীত কৰা হৈছে।

nominated

সংগীত শিল্পী গৰাকীয়ে নিজেই ফেচবুক একাউন্টত এই বুলি পষ্ট' কৰে,

 

নিশ্চিতভাৱে অসম আৰু প্ৰত্য়েকজন অসমীয়াৰ বাবে এয়া এক গৌৰৱৰ বিষয়।

Category
Profile picture for user UB Photos