অনিমেশৰ হত্যাকাৰী যাতে খোজ কাঢ়ি আদালত নাপায়গৈ- মৃণাল শইকীয়াৰ হুংকাৰ

Animesh Bhuyan Jorhat

অনিমেশ ভূঞাৰ হত্যাকাৰী যাতে খোজ কাঢ়ি আদালত নাপায়গৈ তাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে খুমটাইৰ বিজেপি বিধায়ক মৃণাল শইকীয়াই। আজি অনিমেশৰ ডেৰগাঁৱৰ বাসগৃহত উপস্থিত হৈ এই হুংকাৰ খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ।

নিহত অনিমেশৰ পিতৃ-মাতৃক সমবেদনা জনালে বিধায়ক মৃণাল শইকীয়াই।

মৃণাল শইকীয়াৰ লগতে তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱাও অনিমেশৰ বাসগৃহত উপস্থিত হৈ শোক-সন্তপ্ত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে।

উল্লেখ্য যে সোমবাৰে যোৰহাট চহৰৰ মাজ মজিয়াতে একাংশ উন্মাদ আৰু জীঘাংসু লোকে মৰিয়াই মৰিয়াই হত্যা কৰে আছুৰ নেতা অনিমেশ ভূঞাক।

Category