মহানগৰীত ঘৰে ঘৰে ভেকচিন প্ৰদান প্ৰক্ৰিয়া

Covid Vaccination

কামৰূপ মেট্ৰ'ৰ জিলা প্ৰশাসনে ঘৰে ঘৰে টিকাকৰণ অভিযান চলাই থকা বিশেষ অনুষ্ঠানত ভাষণ দি জিলা আয়ুক্ত পল্লৱ গোপাল ঝাই কয় যে বৰ্তমান কেৱল কামৰূপ মেট্ৰ'ত যোগ্য হিতাধিকাৰীসকলক ২২,৮৩,৪৪৫ টা ভেকছিন প্ৰদান কৰা হৈছে।

ইয়াৰ ভিতৰত, ১২,৭৩,০৯৩ জনে কোভিড ভেকছিনৰ প্ৰথম পালি গ্ৰহণ কৰিছে আৰু ১০,১০,৩৫২ জনে দ্বিতীয় পালিৰ ভেকছিন প্ৰাপ্ত কৰিছে।

ঘৰে ঘৰে টিকাকৰণ অভিযানৰ অধীনত কোভিড ভেকছিন প্ৰচাৰৰ বাবে কামৰূপ মেট্ৰ'ক পাঁচটা ক্ষেত্ৰত বিভক্ত কৰা হৈছে।

কামৰূপ মেট্ৰ' জিলা প্ৰশাসনে ১০ ডিচেম্বৰৰ ভিতৰত মুঠ ১০০ শতাংশ টিকাকৰণ প্ৰাপ্ত কৰাৰ বাবে আশাবাদী।

অসমত দেওবাৰে কোভিড-১৯ৰ ১৩৩টা নতুন ঘটনা নথিভুক্ত কৰা হৈছে, যাৰ ফলত ১,৩৪৪টা সক্ৰিয় কেছ হৈছে। যত পজিটিভ হাৰ ০.৬৪ শতাংশ।

Category
Profile picture for user UB Photos