মানুহ নহয়, ৬৩টা মুৰ্গীৰ মৃত্যু হ'ল হাৰ্ট এটেকত! বিবাহ অনুষ্ঠানত প্ৰচণ্ড শব্দৰ ফলত হ'ল হাৰ্ট এটেক

Broiler Heart Attack

ওড়িশ্যাৰ এটা বাতৰিয়ে এতিয়া সংবাদ মাধ্য়মত সৃষ্টি কৰিছে খলকনিৰ।

খবৰ অনুসৰি, ওড়িশ্যাৰ বালাছোৰ জিলাৰ নীলগিৰিত অনুষ্ঠিত এখন বিবাহ অনুষ্ঠানত DJৰ প্ৰচণ্ড শব্দত হাৰ্ট এটেক হৈ মৃত্যু মূখত পৰিল ৬৩টা মুৰ্গী।

ব্ৰইলাৰ ফাৰ্মৰ মালিক ৰঞ্জিত কুমাৰ পৰিদাই এতিয়া ঘটনা সন্দৰ্ভত বিয়া ঘৰৰ বিৰুদ্ধে দাখিল কৰিছে এখন এজাহাৰ।

ৰঞ্জিত কুমাৰ পৰিদাই কয় যে, দেওবাৰে নিশা প্ৰায় ১১.৩০ বজাত বৰযাত্ৰীসকল তেওঁৰ ফাৰ্মৰ সন্মুখেৰে যায়। সেই সময়তেই খুব জোৰকৈ DJ আৰু আতচবাজীও ফুটোৱা হৈছিল। 

সেই সময়ত তেওঁ বিয়া ঘৰত ডিজেৰ শব্দ অলপ কম কৰিবলৈ কৈছিল। আৰু তেতিয়াই দৰাৰ লগত যোৱা লোকসকলে ব্ৰইলাৰ ফাৰ্মৰ মালিক ৰঞ্জিতৰ সৈতে তৰ্কা-তৰ্কিত লিপ্ত হয়। পিছদিনা পুৱা দেখা গৈছিল যে, তেওঁৰ ফাৰ্মৰ ৬৩টা মুৰ্গীৰ মৃত্যু হৈছে।

চিকিৎসকে কয় যে, সেই ৬৩ টা কুকুৰা হৃদ ৰোগত মৃত্যুবৰণ কৰে। এই কথা গম পোৱাৰ পিছত ফাৰ্মৰ গৰাকী ৰঞ্জিতে বিয়াৰ ঘৰত উপস্থিত হৈ ক্ষতিপূৰণ দাবী কৰে।

কিন্তু বিয়াঘৰৰ লোকে ক্ষতিপূৰণ দিবলৈ অস্বীকাৰ কৰাত আৰক্ষীৰ ওচৰত বিয়া ঘৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

Category