ওড়িশ্যাৰ এটা বাতৰিয়ে এতিয়া সংবাদ মাধ্য়মত সৃষ্টি কৰিছে খলকনিৰ।
খবৰ অনুসৰি, ওড়িশ্যাৰ বালাছোৰ জিলাৰ নীলগিৰিত অনুষ্ঠিত এখন বিবাহ অনুষ্ঠানত DJৰ প্ৰচণ্ড শব্দত হাৰ্ট এটেক হৈ মৃত্যু মূখত পৰিল ৬৩টা মুৰ্গী।
ব্ৰইলাৰ ফাৰ্মৰ মালিক ৰঞ্জিত কুমাৰ পৰিদাই এতিয়া ঘটনা সন্দৰ্ভত বিয়া ঘৰৰ বিৰুদ্ধে দাখিল কৰিছে এখন এজাহাৰ।
ৰঞ্জিত কুমাৰ পৰিদাই কয় যে, দেওবাৰে নিশা প্ৰায় ১১.৩০ বজাত বৰযাত্ৰীসকল তেওঁৰ ফাৰ্মৰ সন্মুখেৰে যায়। সেই সময়তেই খুব জোৰকৈ DJ আৰু আতচবাজীও ফুটোৱা হৈছিল।