অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস! আতংকিত গঞা

Wild Elephant

নগাঁও জিলাৰ কঠিয়াতলী বন বিভাগৰ অন্তৰ্গত কাফিতলিত বিগত কিছুদিন ধৰি অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস। ধান খাবলৈ পাহাৰৰ পৰা জনাঞ্চললৈ নামি  আহিছে বৃহৎ হাতীৰ জাক। জাকটোত  আছে কেইবাটাও হাতী পোৱালি। বৃহৎ হাতীৰ জাক দেখি  আতংকিত হৈ পৰিছে গাঁওবাসী।

স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক গাঁওখনত উপস্থিত হৈ গুলী ফুটাই হাতী খেদিবলৈ চেষ্টা কৰে যদিও হাতীৰ জাকটো সৰু হাবিয়নী এডৰাত এতিয়াও অৱস্থান কৰি  আছে। যাৰ ফলত বৰ্তমানেও আতংকিত স্থানীয় লোক।

Category
Profile picture for user UB Photos