কৰীণাৰ প্ৰেমত মজগুল আমীৰ খান, চৰ্চাত মিষ্টাৰ পাৰ্ফেকচনিষ্ট

Amir Khan and Kareena Kapoor Khan announces the releasing date of  their new film 'Laal Singh Chaddha'

এখন নতুন ছবিৰ সৈতে দৰ্শকৰ মাজলৈ আহি আছে আমিৰ-কৰীণা যুটী। দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু বলিউডৰ নতুন ছবি 'লাল সিং চাড্ডা'। 

দীৰ্ঘদিনৰ অপেক্ষাৰ পিছত অৱশেষত মুক্তিৰ তাৰিখ ঘোষণা হ'ল আমীৰ খান আৰু কৰীণা কাপুৰ খান অভিনীত ছবি 'লাল সিং চাড্ডা'ৰ। ক'ভিড মহামাৰীৰ ফলত পূৰ্বৰ কেইবাটাও মুক্তিৰ তাৰিখ নাকচ হোৱাৰ পাছত অৱশেষত ঘোষণা হ'ল আমিৰ খান প্ৰডাকচনছ আৰু Viacom18 ষ্টুডিঅ'ৰ বেনাৰত মুক্তি পাবলগীয়া ছবি 'লাল সিং চাড্ডা'ৰ মুক্তিৰ তাৰিখ।

২০২২ চনৰ ১৪ এপ্ৰিলত দৰ্শকৰ মাজলৈ আহিব 'লাল সিং চাড্ডা'।  ২০২০ চনৰ খ্ৰীষ্টমাছতে ছবিখনৰ মুক্তিৰ তাৰিখ ধাৰ্য্য কৰা হৈছিল যদিও ক'ভিড মহামাৰীৰ বাবে পিছুৱাবলগীয়া হ'ল ছবিখনৰ মুক্তিৰ দিন।  বিগত সপ্তাহৰ শনিবাৰে বিয়লি প্ৰকাশ পালে ছবিখনৰ বেনাৰ।

বলিউডৰ জনপ্ৰিয় '3 Idiots'ৰ পাছত দ্বিতীয়বাৰৰ বাবে 'লাল সিং চাড্ডা' ছবিখনত ৰোমাণ্টিক যুটী হিচাপে দেখা পোৱা যাব আমীৰ খান আৰু কৰীণা কাপুৰ খানক। ২০২২ চনৰ ১৪ এপ্ৰিলত মুক্তি পাবলগীয়া ছবিখনে ছবিগৃহত খলকনি তুলিব বুলি আশাবাদী ইয়াৰ কলা-কুশলীসকল।

অভিনেত্ৰী কৰীণা কাপুৰ খানেও ছ'চিয়েল মিডিয়াযোগে ছবিখনৰ পোষ্টাৰ শ্বেয়াৰ কৰি লিখে যে “We are happy to share our new poster and our new release date "। ছবিখনৰ বাবে এতিয়া অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছে দৰ্শকসকল।

উল্লেখ্য যে, এই ছবিখনৰ পৰিচালনা অদভৈত চন্দন আৰু প্ৰযোজনা আমীৰ খান আৰু কিৰণ ৰাওৰ। হলিউডৰ বিখ্যাত ছবি Forrest Gumpৰ কাহিনীৰ আধাৰত নিৰ্মিত Viacom18ৰ ছবি 'লাল সিং চাড্ডা'।

Category
Profile picture for user UB Photos