বিয়াৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই এইবাৰ বয়ফ্ৰেণ্ডৰ মুখলৈ এচিড নিক্ষেপ যুৱতীৰ! ভাইৰেল চিচিটিভি ফুটেজ

Acid Attack

দেশত এতিয়াও চলি আছে এচিড আক্ৰমণৰ ঘটনা।

মহিলাসকলৰ ওপৰত এচিড আক্ৰমণৰ ঘটনা আমি সচৰাচৰ দেখি থাকো কিন্তু এইবাৰ যুৱকৰ নহয়, যুৱতীৰ এচিড আক্ৰমণৰ বলি হল যুৱক। এনেধৰণৰ এক ঘটনা সংঘটিত হৈছে কেৰালাৰ তিৰুৱনন্তপুৰমত।

বিয়াৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই বয়ফ্ৰেণ্ডৰ মুখলৈ প্ৰেমিকাই এচিড নিক্ষেপ কৰা কথাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য়।

চিচিটিভি ফুটেজত সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পিছতে গ্ৰেপ্তাৰ কৰা হল অভিযুক্ত মহিলাগৰাকীক। ২৮ বছৰীয়া যুৱকজন বৰ্তমান হাস্পতালত চিকিৎসাধীন। মুখৰ এফালে অধিক এচিড পৰাত এটা চকু নষ্ট হোৱাৰ সম্ভাৱনা বুলি চিকিৎসকে জনাইছে।

গ্ৰেপ্তাৰ হোৱা মহিলাগৰাকীৰ নাম শিৱা সন্তোষ বুলি জানিব পৰা গৈছে। বয়স ৩৫ বছৰ। তেওঁ কেৰালাৰ ইদুক্কি জিলাৰ আদিমালিৰ বাসিন্দা।

জানিব পৰা মতে, ছচিয়েল মিডিয়াত শিৱাৰ সৈতে চিনাকী যুৱকজনৰ। তেওঁলোকে একেলগে থাকিব বুলি নিজৰ ঘৰৰ পৰা তিৰুৱনন্তপুৰমলৈ গুচিও আহে মহিলাগৰাকী। কিন্তু পূৰ্বে মহিলাগৰাকী বিয়া হোৱাৰ লগতে দুটি সন্তান আছে বুলি জানিব পাৰি যুৱকজনে তেওঁৰ সৈতে সম্পৰ্ক আগবঢ়াই নিবলৈ অসন্মত হয়।

যুৱকজনে আন কাৰোবাৰ সৈতে বিয়াৰ কথা চলোৱা খবৰ পাই মহিলাগৰাকীয়ে মাতি পঠিয়াই যুৱকজনক। ১৬ নৱেম্বৰত এজন বন্ধু আৰু ভিনিহিয়েকক লৈ যুৱকজন উপস্থিত হয় মহিলাগৰাকীৰ চহৰৰ এটা গিৰ্জাত। তাতেই শিৱাই এচিডেৰে আক্ৰমণ কৰে বুলি অভিযোগ কৰে যুৱক জনে। 

আৰক্ষীৰ জেৰাত টকাও দাবী কৰে বুলি স্বীকাৰ কৰিছে মহিলাগৰাকীয়ে।

Category
Profile picture for user UB Photos