ধন দাবী কৰি গ্ৰেপ্তাৰ হ’ল নামৰূপ আছুৰ ভাৰপ্ৰাপ্ত সভাপতি আৰু জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক

extortion

মাছ কঢ়িওৱা গাড়ীৰ পৰা ৩০ হাজাৰ টকা ধনদাবী কৰি ৰঙাঘৰৰ আলহী হ’ল নামৰূপ আছুৰ দুই নেতা।

নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি সত্যপ্ৰতিম ৰাজপুত আৰু উপদেষ্টা তথা ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক মানসজ্যোতি চাংমায়ে দেওবাৰে চৰাইদেও জিলাৰ বৰহাটৰ পৰা নামৰূপলৈ বুলি মাছ কঢ়িয়াই অনা এখন বাহনৰ পৰা ৩০ হাজাৰ টকা দাবী কৰে।

মাছৰ গাড়ীখনে টকা দিবলৈ অসন্মতি প্ৰকাশ কৰাত পুৱা ১০ বজাৰ পৰা বিয়লি ৩ বজালৈকে নামৰূপ আছুৰ কাৰ্যালয় সন্মুখত মাছৰ গাড়ীখন আবদ্ধ কৰে দুই ছাত্ৰ নেতাই।

ইফালে বহু সময় ধৰি মাছৰ গাড়ীখন আবদ্ধ কৰি ৰখাৰ ফলত গাড়ীত থকা মাছসমূহ গেলিবলৈ ধৰাত উপায়হীন হৈ মাছ ব্যৱসায়ী জনৈক ছেত্ৰীয়ে নামৰূপ আৰক্ষী থানত গোচৰ ৰুজু কৰে।

ইতিমধ্যে, এই গোচৰৰ ভিত্তিত নামৰূপ আৰক্ষীয়ে ৰুজু কৰা ভাৰতীয় দণ্ডবিধিৰ ১৪৩/৩৪১/৩৪২/৩৮৬ ধাৰাৰ অধীনত ১৫৩/২১ নম্বৰ গোচৰত নামৰূপ আছুৰ ভাৰপ্ৰাপ্ত সভাপতি সত্যপ্ৰতিম ৰাজপুত আৰু উপদেষ্টা তথা জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক মানসজ্যোতি চাংমাইক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰে।

আনহাতে, সদৌ অসম ছাত্ৰ সন্থাৰ দৰে পৱিত্ৰ অনুষ্ঠানত থাকি আছুক ধন ঘটাৰ অনুষ্ঠানলৈ পৰিণত কৰি সংগঠনটোত কালিমা সনা এনে ছাত্ৰ নেতাৰ বিৰুদ্ধে আছুৰ শীৰ্ষ নেতৃত্বই কি ব্যৱস্থা গ্ৰহণ কৰে সময়ত সেয়াহে হ’ব লক্ষণীয় বিষয়।

Category
Profile picture for user UB Photos