আলফা-(স্বা) যোগদান কৰিবলৈ যোৱা অসমৰ ৩ যুৱকক আটক

ULFA Joining

আলফা-(স্বা) যোগদান কৰিবলৈ যোৱা অসমৰ ৩ যুৱকক আটক অসম ৰাইফলছৰ।

এক বিশেষ ইনপুটৰ পিছত অসম ৰাইফলছৰ এটা দল নাগালেণ্ডৰ মন জিলাত উপস্থিত হৈছিল। আৰু সীমান্তৱৰ্তী অঞ্চলৰ মাজেৰে ম্যানমাৰৰ আলফা-(স্বা) শিবিৰলৈ গৈ থকা অৱস্থাত যুৱক ৩জনক আটক কৰা হয়। 

তিনিওজন যুৱক ক্ৰমে – শদিয়াৰ বাসিন্দা হিমন্ত নেওগ, ওদালগুৰিৰ বাসিন্দা বিকাশ ডেকা আৰু তিনিচুকীয়াৰ বাসিন্দা অৰিন্দম বৰা বুলি চিনাক্ত কৰা হৈছে।

আটক কৰা যুৱকসকলক অসম ৰাইফলছৰ শিবিৰত জেৰা কৰি থকা হৈছে আৰু এতিয়া পৰৱৰ্তী পদক্ষেপৰ বাবে অসম আৰক্ষীক গতাই দিয়া হ'ব বুলি জানিব পৰা গৈছে।

Category
Profile picture for user UB Photos