অৰুণাচল প্ৰদেশত বায়ু সেনাৰ M-17 হেলিকপ্টাৰত ভয়ংকৰ দুৰ্ঘটনা

Arunachal Accident

অৰুণাচল প্ৰদেশত আজি এক ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা সংঘটিত হয়। বায়ু সেনাৰ M-17 হেলিকপ্টাৰ এখন দুৰ্ঘটনাত পতিত হয়।

হেলিকপ্টাৰখনত দুগৰাকী পাইলটসহ তিনি ক্ৰু মেম্বাৰো আছিল। পিছে সৌভাগ্যক্ৰমে প্ৰতিজন লোক সুৰক্ষিত অৱস্থাত উদ্ধাৰ হয়।

জানিব পৰা অনুসৰি, হেলিকপ্টাৰখন বহুদিন ধৰি ব্যৱহাৰ নোহোৱাকৈ পৰি আছিল। আৰু আজি দুগৰাকী পাইলটে হেলিকপ্টাৰখন উৰুৱাবলৈ চেষ্টা কৰাত যান্ত্ৰিক বিজুতীৰ ফলত বিস্ফোৰণ হয়।

ভাৰতীয় বায়ু সেনা বিভাগে এই দুৰ্ঘটনাৰ বিষয়ে সদৰি কৰে। দু্ৰ্ঘটনাৰ পিছতে তদন্তৰ বাবে ঘোষণা কৰিছে বায়ু সেনা বিভাগে।

Category
Profile picture for user UB Photos