জংঘলৰ মাজেৰে আলফা(স্বাঃ)ত যোগ দিবলৈ যাত্ৰা উজনিৰ ৫ গৰাকী যুৱতীৰ

Join ULFA

আলফা(স্বাঃ)ত যোগদান উজনিৰ ৫ গৰাকী যুৱতীৰ। ইয়াৰে ৪গৰাকী ৰাষ্ট্রীয় পৰ্যায়ৰ খেলুৱৈ। দুগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সিং খেলুৱৈৰ যোগদান আলফা(স্বাঃ)ত।

আলফা(স্বাঃ)ত যোগদান তিনিচুকীয়াৰ বক্সিং খেলুৱৈ নয়নমণি চেতিয়াৰ। নয়মণি চেতিয়া ৰাষ্ট্রীয় পৰ্যায়ৰ কিক বক্সিং খেলুৱৈ।

গোগামুখৰ এগৰাকী প্ৰতিভাবান খেলুৱৈ বিতা চেতিয়াৰ আলফা (স্বাঃ)ত যোগদান। সবিতা চেতিয়াও ৰাষ্ট্রীয় পৰ্যায়ৰ বক্সিং খেলুৱৈ।

গোগামুখ চেঙামাৰী গাঁৱৰ ভদ্ৰেশ্বৰ চেতিয়া আৰু নিৰু চেতিয়াৰ ডাঙৰ জী সবিতা চেতিয়া। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কিক বক্সিংত ব্ৰঞ্জৰ পদক লাভ কৰিছিল সবিতা চেতিয়াই।

সবিতা চেতিয়াৰ ঘৰত বৰ্তমান কান্দোনৰ ৰোল। শোকত ভাগি পৰিছে সবিতাৰ পিতৃ মাতৃ। পৰেশ বৰুৱাৰ লগতে মুখ্য মন্ত্ৰীলৈ কাতৰ আহ্বান পিতৃ মাতৃৰ।

লালুকৰ শৰ্মিষ্ঠা শইকীয়াইও যোগদান কৰে আলফা (স্বাঃ)ত । আনহাতে, আলফা (স্বাঃ)ত যোগদান কৰা আন দুগৰাকী মৰিগাঁও আৰু মাজুলীৰ।

মনকৰিবলগীয়া কথা যে, শুক্ৰবাৰে আলফা(স্বাঃ)ত যোগদান কৰা খবৰ বিয়পি পৰাৰ লগে লগে এটা ছচিয়েল মিডিয়াত দ্ৰুতগতিত এটা ভিডিঅ' ভাইৰেল হৈ পৰিছিল।

ভিডিঅ'টোত কোৱা হৈছিল যে আটাইকেইজনীয়ে আলফা(স্বাঃ)ত যোগদান কৰিবলৈ যোৱাৰ সময়ৰ ভিডিঅ। কিন্তু সবিতাৰ পৰিয়ালে কয় যে সেইটো কিছুদিন পুৰণি ভিডিঅ' যেতিয়া সবিতাৰ লগতে আনকেইজনী পিকনিক খাবলৈ গৈছিল।

Category
Profile picture for user UB Photos