ৰাস্তাৰ কাষৰ দোকানত এতিয়াৰ পৰা মুকলিকৈ বিক্ৰী কৰিব নোৱাৰিব আমিষ খাদ্য…

Non Veg

মুকলিকৈ আমিষ আহাৰ বিক্ৰী কৰা দোকানৰ প্ৰতি প্ৰশাসনৰ নিষেধাজ্ঞা। ৰাস্তাৰ কাষত এতিয়াৰে পৰা মুকলিকৈ বিক্ৰী কৰিব নোৱাৰিব মাছ, মাংস, কণী।

গুজৰাটৰ বদোদাৰাত দিয়া হৈছে এই নিষেধাজ্ঞা। নিষেধাজ্ঞা অনুসৰি, ৰাস্তাৰ কাষত আমিষ আহাৰ বিক্ৰী কৰা দোকানসমূহত ঢাকি ৰাখিব লাগিব মাছ, মাংস, কণী ।

বদোদাৰাৰ পৌৰ নিগমৰ অধ্যক্ষ হিতেন্দ্ৰ পাটেলৰ মন্তব্য অনুসৰি মুকলিকৈ বিক্ৰী কৰা আমিষ আহাৰ-মাছ, মাংস, কণী মুকলিকৈ ৰাখিলে ইয়াত পৰা ধূলি-মাকতিয়ে স্বাস্থ্যৰ যথেষ্ট হানি কৰে। সেয়েহে এই খাদ্য ঢাকি ৰাখিবৰ বাবে নিৰ্দেশনা জাৰি কৰিছে বদোদাৰাৰ পৌৰ নিগমে। আনকি মূল পথৰ দাঁতিত থকা এই দোকানসমূহে ট্ৰেফিক জাম কৰাৰো আশংকা কৰিছে প্ৰশাসনে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে গুজৰাটৰ ৰাজক’টতো এটা নিৰ্দিষ্ট এলেকাত আমিষ আহাৰ বিক্ৰীৰ বাবে নিৰ্দেশনা দিয়া হৈছিল।

Category
Profile picture for user UB Photos