নিৰাপত্তাৰক্ষী থাকিও অসুৰক্ষিত ইৰাকৰ প্ৰধনমন্ত্ৰী। দেওবাৰে, কথমপি প্ৰাণৰক্ষা ইৰাকৰ প্ৰধানমন্ত্ৰী মুস্তাফা আল কাদিমীৰ।
দেওবাৰে পুৱা কাদিমীৰ বাগদাদৰ বাসগৃহত ড্ৰোণেৰে আক্ৰমণ কৰে দুৰ্বৃত্তই। পিছে সৌভাগ্যজনকভাৱে কথমপি প্ৰাণৰক্ষা প্ৰধানমন্ত্ৰীগৰাকীৰ। আক্ৰমণৰ ফলত আঘাতপ্ৰাপ্ত হোৱা নাই কাদিমী। বৰ্তমান সুস্থ অৱস্থাত আছে ইৰাকৰ প্ৰধানমন্ত্ৰীগৰাকী।
ড্ৰোণ আক্ৰমণৰ জৰিয়তে কাদিমীক হত্যাৰ অপচেষ্টা কৰিছিল দুৰ্বৃত্তই। ইতিমধ্যে, এই ব্যৰ্থ প্ৰচেষ্টাৰ বাবে নিৰাপত্তাৰক্ষীয়ে সকলোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে আৰম্ভ কৰিছে তদন্ত।
বিস্ফোৰক ভৰ্তি ড্ৰোণৰ জৰিয়তে আক্ৰমণৰ চেষ্টা চলোৱা হৈছিল ইৰাকৰ প্ৰধানমন্ত্ৰীগৰাকীৰ বাসগৃহত । এই আক্ৰমণৰ ফলত প্ৰধানমন্ত্ৰীৰ কোনোধৰণৰ ক্ষতি নহ'লেও আহত হৈছে কাদিমীৰ সাতজন নিৰাপত্তাৰক্ষী।
- Log in to post comments