খেতিপথাৰত অঘটন! বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটিলে এজনী মাইকী হাতীয়ে...

Elephant death by electric shock in Numaligarh

নুমলীগড়ত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটিলে এজনী মাইকী হাতীয়ে।

মৰঙীৰ ঢলাগাঁৱৰ ঘটনা এয়া। এখন পথাৰত বিদ্যুৎস্পৃষ্ট হয় মাইকী হাতীজনী। খাদ্যৰ সন্ধানত পথাৰলৈ ওলাই আহিছিল ৭০-৮০ জনীয়া এটা বন্যহস্তীৰ জাক। হাতীৰ জাকটোৱে মুকলি পথাৰত বিচৰণ কৰাৰ সময়তে সংঘটিত হয় এই অঘটন। পথাৰৰে বিদ্যুতৰ তাঁৰত লাগি মৃত্যু মুখত পৰে হাতীজনী। 

পৰৱৰ্তী সময়ত ঢলাগাঁৱৰে এখন চাহ বাগিচাত অৱস্থান কৰে হাতীৰ বৃহৎ জাকটোৱে। বৰ্তমানলৈকে ঘটনাস্থলীত উপস্থিত হোৱা নাই বন বিভাগৰ লোক।

হাতীটোৰ মৃত্যুত এতিয়া শোক প্ৰকাশ কৰিছে প্ৰকৃতিপ্ৰেমীয়ে।

Category
Profile picture for user UB Photos