ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ অঘটন, ভৰা লুইতত আবদ্ধ এম.ভি.লোহিত…

Brahmaputra River

ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ অঘটন। ব্ৰহ্মপুত্ৰত আবদ্ধ যাত্ৰীবাহী ফেৰী। শনিবাৰে, পুৱাৰ ভাগত যান্ত্ৰিক বিজুতিৰ বাবে ব্ৰহ্মপুত্ৰৰ ভৰা পানীৰ মাজতে আৱদ্ধ হৈ পৰে এম. ভি. লোহিত নামৰ ফেৰীখন। পুৱা কমলাবাৰী ফেৰীঘাটৰ পৰা নিমাতী অভিমুখে ৰাওনা হৈছিল ফেৰীখন।

ব্ৰহ্মপুত্ৰৰ বুকুত ফেৰীখন আবদ্ধ হৈ পৰাত যাত্ৰীৰ মাজত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ। উল্লেখ্য় যে, ফেৰীখনত আছিল শতাধিক যাত্ৰী আৰু ত্ৰিশখন বাইক। পৰৱৰ্তী সময়ত ব্ৰহ্মপুত্ৰৰ বুকুতে লংগৰ পেলাই ৰখাই থোৱা ফেৰীখন উদ্ধাৰৰ বাবে ৰাওনা হয় উদ্ধাৰকাৰী দল।

অৱশেষত উদ্ধাৰ কৰা হয় ব্ৰহ্মপুত্ৰত দীৰ্ঘ সময় ধৰি আবদ্ধ হৈ থকা এম.ভি.লোহিত নামৰ ফেৰীখন। সুকলমে উদ্ধাৰৰ পিছত যাত্ৰীসকলক সকাহ দি নিমাতী ঘাটলৈ পুনৰ যাত্ৰা কৰে ফেৰীখনে।

Category
Profile picture for user UB Photos