ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল অসম কন্যা, Super Dancer-4ৰ বিজয়ীৰ ট্ৰফী লৈ অসমলৈ ফ্ল’ৰিনা গগৈ…

Florina Gogoi becomes the winner of Super Dancer Chapter-4

বিজয়ী হ’ল ফ্ল’ৰিনা। Super Dancer Chapter-4ত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হ’ল যোৰহাটৰ জীয়ৰী ফ্ল’ৰিনা গগৈয়ে।

শনিবাৰে অনুষ্ঠিত হোৱা ৰিয়েলিটি শ্ব’টোৰ ফাইনেলৰ অন্তত বিচাৰক শিল্পা চেট্টী, গীতা কাপুৰ আৰু অনুৰাগ বসুৱে ফ্ল’ৰিনাৰ হাতত তুলি দিয়ে বিজয়ৰ ট্ৰফী।

Florina Gogoi with her parents and dance teacher

Sony Entertainment Televisionএ ফ্ল’ৰিনা গগৈক ১৫ লাখ টকাৰ চেক প্ৰদান কৰাৰ লগতে তেওঁৰ প্ৰশিক্ষক তুষাৰ চেট্টীক প্ৰদান কৰে ৫ লাখ টকাৰ চেক। অসম কন্যা ফ্ল’ৰিনা বিজয়ী হোৱাৰ বিপৰীতে Super Dancer-4ত কৰ্ণাটকৰ প্ৰুথবিৰাজে প্ৰথম ৰাণাৰ আপ, পঞ্জাৱৰ সঞ্চিত চানানাই দ্বিতীয় ৰাণাৰ আপ, মধ্যপ্ৰদেশৰ নীৰজ তিৱাৰীয়ে তৃতীয় ৰাণাৰ আপ আৰু নতুন দিল্লীৰ ইশা মিশ্ৰই চতুৰ্থ ৰাণাৰ আপৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়।

ফ্ল'ৰিনা গগৈ

ৰাষ্ট্ৰীয় পৰ্যায়ত খিতাপ অৰ্জন কৰি নিজেও যথেষ্ট উৎফুল্লিত হৈ পৰে ফ্ল’ৰিনা গগৈ। সকলোৱে তেওঁক দিয়া সহায়-সহযোগিতা আৰু মৰম-ভালপোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ফ্লৰিনা গগৈয়ে। তেওঁ কয় যে, “যিসকলে মোক ভোট দিছিল আৰু চুপাৰ ডান্সাৰ ৪ ত মোক সমৰ্থন কৰিছিল তেওঁলোকক মই বহুত ধন্যবাদ জনাইছো। আৰু মোৰ ওপৰত বিশ্বাস কৰা আৰু মোক প্ৰশিক্ষণ দিয়াৰ বাবে তুষাৰ ভাইয়াকো বহুত বহুত ধন্যবাদ। চুপাৰ ডান্সাৰৰ বাবে, মই বহুতো নতুন বন্ধুৰ লগ পালো – তেওঁলোকলৈ সদায় মনত পৰিব। মই নৃত্য অব্যাহত ৰাখিব বিচাৰো আৰু নতুন ৰূপ শিকিব বিচাৰো,”

চুপাৰ ডাঞ্চাৰত খলকনি তোলা ফ্ল’ৰিনাৰ সাফল্যত এতিয়া উৎফুল্লিত অসমবাসী। সকলোৱে শুভেচ্ছাৰে ওপচাই পেলাইছে কণমানি ফ্ল’ৰিনাক।

Category
Profile picture for user UB Photos