মণিপুৰত ভুৱা আধাৰ কাৰ্ডৰ সৈতে ২৪ জন ম্যানমাৰৰ নাগৰিকক আটক

Manipur

মণিপুৰৰ টেংনুপাল জিলাৰ ইণ্ডো-ম্যানমাৰ সীমান্তত ভুৱা আধাৰ কাৰ্ডৰ সৈতে ভ্ৰমণ কৰাৰ বাবে অসম ৰাইফলছৰ সৈনিকসকলে ২৪ জন ম্যানমাৰৰ নাগৰিকক আটক কৰে।

খবৰ অনুসৰি, ম্যানমাৰৰ নাগৰিকসকলৰ ভিতৰত আছে ১৪ গৰাকী মহিলা আৰু তিনিগৰাকী নাবালক। তেওঁলোকক খুডেংথাবিৰ সেনা চেকপইণ্টত আটক কৰা হৈছিল।আনহাতে তেওঁলোকৰ নখন ম্যানমাৰৰ মুংচৱা, খুটান গাওঁ, ১৫ খন ম্যানমাৰৰ বুটালেন আৰু টয়েৰো গাঁৱৰ।

তেওঁলোকৰ সকলোৰে লগত মিজোৰামৰ এজন ব্যক্তি আছিল যাক বুলিম চম্ফাই বুলি চিনাক্ত কৰা হৈছে।

ইফালে, মণিপুৰৰ মোৰেহ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে আৰু বিদেশী আইনৰ অধীনত সকলো বন্দীক গ্ৰেপ্তাৰ কৰা হৈছে।
 

Category
Profile picture for user UB Photos