কেঞ্চাৰ ৰোগীসকলৰ বাবে সুখবৰঃ গুৱাহাটীত মুকলি হ’ল উত্তৰ-পূবৰ প্ৰথমটো PET-MRI Wing…

VP Sri M Venkaiah Nadu inaugurate NE’s first-of-its-kind PET-MRI Wing at State Cancer Institute, GMCH

উত্তৰ-পূবৰ দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত দেশৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু। দেওবাৰে পুৱা গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হয় উপ-ৰাষ্ট্ৰপতিগৰাকী।

গুৱাহাটীত উপস্থিত হৈ উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে উদ্বোধন কৰে মহানগৰৰ পুৰণি উপায়ুক্ত কাৰ্যালয়ত নিৰ্মিত মহাবাহু ব্ৰহ্মপুত্ৰ ঐতিহ্য ক্ষেত্ৰ। এই অনুষ্ঠানত উপস্থিত হৈ অসমৰ ইতিহাসক সংৰক্ষণ কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী অশোক সিংঘালক ধন্যবাদ জ্ঞাপন কৰে ভেংকায়া নাইডুৱে।

ইয়াৰ পৰৱৰ্তী সময়ত GMCHত উপস্থিত হৈ ভেংকায়া নাইডুৱে উদ্বোধন কৰে উত্তৰ-পূবৰ প্ৰথমটো PET-MRI Wing। GMCHৰ  State Cancer Instituteত কৰ্কট ৰোগীসকলৰ বাবে মুকলি কৰা হয় এই PET-MRI Wing।

এই উদ্বোধনী অনুষ্ঠানৰ পিছতে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, এই PET-MRI Wingয়ে কেঞ্চাৰ ৰোগীসকলক যথেষ্ট সহায় কৰিব। কেঞ্চাৰ ৰোগ ৰোধ কৰাটো সহায়ক হ’ব PET-MRI Wing। উত্তৰ পূবত ২০২০ত ৫২,০০০ নতুন কেঞ্চাৰ ৰোগী চিনাক্ত কৰা হৈছে। ৰাজ্যত দিনক দিনে বাঢ়িছে কৰ্কট ৰোগীৰ সংখ্যা। কেঞ্চাৰ কেয়াৰৰ ক্ষেত্ৰত অসম চৰকাৰে লোৱা পদক্ষেপ প্ৰশংসনীয় বুলিও কয় উপ-ৰাষ্ট্ৰপতিয়ে। লগতে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাকো শলাগ লয় ভেংকায়া নাইডুৱে।

উপ-ৰাষ্ট্ৰপতিগৰাকীৰ দ্বাৰা গুৱাহাটীত PET-MRI মুকলি হোৱাটো সঁচায়ে উত্তৰ-পূববাসীৰ বাবে এক ভাল খবৰ।

Category
Profile picture for user UB Photos