
দীৰ্ঘদিনৰ উৎকণ্ঠাৰ অন্ত পেলাই অৱশেষত গঠন কৰা হ'ল অসম চুক্তি ৰূপায়ণৰ বাবে উপ-সমিতি। ৮ জনীয়া সদস্যকলৈ গঠন কৰা হ'ল এই উপ-সমিতি।
সমিতিখনৰ অধ্যক্ষৰ পদত আছে মন্ত্রী অতুল বৰা। সদস্য পদত আছে মন্ত্ৰী পীযুষ হাজৰিকা, বিত্তমন্ত্রী অজন্তা নেওগ, আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, আছুৰ সভাপতি দিপাংক কুমাৰ নাথ, আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা।
আনহাতে, অসম চুক্তিৰ উপ-সমিতিৰ উপদেষ্টা হিচাপে আছে প্ৰকাশ চন্দ্ৰ দাস, উদ্দীপজ্যোতি গগৈ।
সমিতিৰ সমন্বয়ক হিচাপে আছে সুজাতা সচিব্ৰতা।
Category
- Log in to post comments