এদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব দেশৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু…

M. Venkaiah Naidu

কাইলৈ অসমলৈ আহিব উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু। দেওবাৰে, গুৱাহাটীত উপস্থিত হ’ব দেশৰ উপ-ৰাষ্ট্ৰপতিগৰাকী।

গুৱাহাটীত অসম চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে। মুকলি কৰিব ব্ৰহ্মপুত্ৰৰ পাৰৰ হেৰিটেজ কাম কালচাৰেল চেণ্টাৰ। লগতে কৰ্কট ৰোগীসকলৰ বাবে মুকলি কৰিব PET MRI।

দেশৰ উপ-ৰাষ্ট্ৰপতিগৰাকীৰ আগমনৰ পূৰ্বে সজাই-পৰাই তোলা হৈছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ। কলাক্ষেত্ৰত অনুষ্ঠিত কৰা হ’ব গোপীনাথ বৰদলৈ বঁটা প্ৰদান অনুষ্ঠান। এই অনুষ্ঠানত ভেংকায়া নাইডুৱে প্ৰদান কৰিব গোপীনাথ বৰদলৈ বঁটা।

Category
Profile picture for user UB Photos