'জল হি জীৱন': পানী বচাবলৈ দেশবাসীক আহ্বান প্ৰধানমন্ত্ৰী মোডীৰ

Jal hi Jeevan

পানী ৰাহি কৰিবলৈ জনসাধাৰণক আহ্বান জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰী মোদীয়ে শনিবাৰে কয় যে দেশৰ ৮০ খন জিলাৰ ১.২৫ লাখ গাঁৱৰ প্ৰতিটো পৰিয়ালে নলৰ পানী ৰখাৰ সুবিধা লাভ কৰিছে।

জল জীৱন মিছন সন্দৰ্ভত গ্ৰাম পঞ্চায়ত আৰু 'পানী সমিতি' ৰ সৈতে বাৰ্তালাপ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "স্বাধীনতাৰ পিছৰ পৰা ২০১৯ চনলৈকে দেশৰ মাত্ৰ ৩ কোটি পৰিয়ালে নলৰ পানী লাভ কৰিছে। অৱশ্যে, মিছন আৰম্ভ হোৱাৰ পিছত, ৫ কোটি পৰিয়ালে পাইপযোগে পানীসংযোগ লাভ কৰিছে," মোদীয়ে লগতে কয়।

তেওঁ লগতে কয়, "আজি দেশৰ প্ৰায় ১.২৫ লাখ গাঁৱৰ প্ৰতিটো পৰিয়ালে পানী লাভ কৰি আছে। ভাৰতে যোৱা ৭ দশকতকৈ যোৱা ২ বছৰত বহুত বেছি অৰ্জন কৰিছে।"

লোকসকলক সচেতনভাৱে পানী ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনাই প্ৰধানমন্ত্ৰীয়ে লগতে প্ৰচুৰ পৰিমাণে পানী থকা অঞ্চলত বাস কৰা প্ৰতিজন নাগৰিকক জলসম্পদৰ অপব্যৱহাৰ আৰু অত্যাধিক ব্যৱহাৰৰ পৰা বিৰত থাকিব লাগে আৰু অধিক পানী সঞ্চয় কৰাৰ প্ৰচেষ্টা চলাব লাগে যাতে ই প্ৰয়োজনীয় লোকসকলক সহায় কৰে।

Category
Profile picture for user UB Photos