বিশিষ্ট গায়ক দ্বিপেন বৰুৱাৰ পত্নী জ্যোৎশ্না ৰহমান আৰু নাই

Dwipen Baruah Wife no more

অসমৰ বিশিষ্ট গায়ক দ্বিপেন বৰুৱাৰ পত্নী চাইদা জ্যোৎশ্না ৰহমান আৰু নাই।

প্ৰতিবেদন অনুসৰি, জ্যোৎশান ৰহমান বাথৰুমৰ মজিয়াত পিছলি পৰিছিল যাৰ পিছত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও, দুৰ্ভাগ্যবশতঃ চিকিৎসালয়ত উপস্থিত হোৱাৰ পাছতে চিকিৎসা কৰ্মীয়ে তেওঁক মৃত ঘোষণা কৰে।

দ্বিপেন বৰুৱাৰ জীৱনটো কেৱল ৬০ বছৰ বয়সত আৰম্ভ হৈছিল যেতিয়া তেওঁ সুদীৰ্ঘ ৩৩ বছৰ প্ৰেম কৰাৰ পিছত অৱশেষত তেওঁৰ প্ৰেম জ্যোৎশ্নাক বিয়া কৰাইছিল।

জনপ্ৰিয় চলচ্চিত্ৰ 'তাৰামাই' (১৯৭৬)ৰ চিত্ৰগ্ৰহণৰ সময়ত দ্বিপেনে জয়ৎশ্না ৰহমানক লগ পাইছিল। তেতিয়াই তেওঁলোকৰ প্ৰথম দৃষ্টিত ভালপোৱা হৈছিল। কিন্তু পাৰিবাৰিক বাধ্যবাধকতাই তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কটোত বাধা দিছিল।

তেওঁলোকৰ ৰোমাঞ্চ আৰু ধৈৰ্য্য আছিল অসম সাংস্কৃতিক জগতৰ আটাইতকৈ চৰ্চিত বস্তু আৰু বহুতো চলচ্চিত্ৰ তেওঁলোকৰ  প্ৰেমৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল।

Category
Profile picture for user UB Photos