আমিনগাঁৱত অচিনাক্ত দুৰ্বৃত্তই জ্বলাই দিলে মটৰচাইকেল, বাসগৃহ

Amingaon

আমিনগাঁৱৰ শ্ৰীনাথপট্টিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।

মটৰচাইকেল আৰু বাসগৃহত অগ্নিসংযোগ কৰে কোনো অচিনাক্ত দুৰ্বৃত্তই। অগ্নিসংযোগপ ফলত সম্পুৰ্ণৰূপে ভস্মীভূত হয় AS-25K-1740 নম্বৰৰ এখন মটৰচাইকেল।

ব্যৱসায়ী দুলাল মজুমদাৰৰ গৃহত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। পেট্ৰ’ল ঢালি জ্বলাই দিয়াৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে।

অগ্নিকাণ্ডত জাহ যায় বহু মূল্যবান সা-সামগ্ৰী। কথমপি প্ৰাণৰক্ষা পৰিল পৰিয়ালটোৰ পাঁচজন সদস্যৰ।
ঘটনা সন্দৰ্ভত আমিনগাঁও থানাত এজাহাৰ দাখিল কৰিছে দুলাল মজুমদাৰৰ পৰিয়ালে।

Category
Profile picture for user UB Photos