বিশ্ব গঁড় দিৱসত আজি 2479 টা গঁড়ৰ শিং দাহন..

Rhino Day

আজি ২২ ছেপ্টেম্বৰ, বিশ্ব গঁড় দিৱস।

অসমে আজি এক অনন্য ধৰণে উদযাপন কৰিব গঁড় দিৱস। 

বোকাখাতত গঁড়ৰ খৰ্গ দাহনৰ প্ৰস্তুতি। হোম-যজ্ঞৰে বৈদ্যিকভাৱে সম্পন্ন কৰা হ’ব এই কাৰ্য ৷ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত দাহ কৰা হ’ব ২,৪৭৯টা গঁড়ৰ খৰ্গ।

World Rhino Day

অসমৰ বিভিন্ন বনাঞ্চল আৰু ৰাষ্ট্রীয় উদ্যানৰ পৰা উদ্ধাৰ কৰি কোষাগাৰত সংৰক্ষণ কৰি ৰখা মুঠ ২৬২৩ টা খৰ্গৰ ভিতৰত বিভিন্ন আকাৰৰ ৯৪ টা খৰ্গ  পুনৰ সংৰক্ষণ কৰি ৰখাৰ লগতে ৫০ টা খৰ্গ আদালতৰ বিচাৰধীন হৈ থকাৰ বাবে মজুত ৰাখিছে বন বিভাগে। ইয়াৰে ২৪৭৯ টা খৰ্গ দাহনৰ বাবে বোকাখাত ৰাজহুৱা খেল পথাৰত কাজিৰঙা উদ্যান কৰ্তৃপক্ষৰ সহযোগত বন বিভাগে বিশাল আয়োজন চলাইছে।

বোকাখাত ৰাজহুৱা খেলপথাৰত ৬ টা চৌকা স্থাপন কৰি বিশেষ পদ্ধতি অৱলম্বন কৰি মুঠ ২৪৭৯ টা খৰ্গ দাহ কৰাৰ ব্যৱস্থা কৰিছে বন বিভাগে। ১৯৭৯ চনলৈকে বন বিভাগে গঁড়ৰ খৰ্গ নিলাম কৰাৰ ব্যৱস্থা ৰাখিছিল যদিও ১৯৮০ চনৰ পৰা আজি লৈকে ৰজ্যৰ বিভিন্ন কোষাগাৰত সংৰক্ষন কৰি ৰখা খৰ্গ সমূহ দাহ কৰাৰ ব্যৱস্থা গ্ৰহন কৰিছে বন বিভাগে।

Category
Profile picture for user UB Photos