অংগনবাড়ী কেন্দ্ৰত যোগান ধৰা মধ্যাহ্ন ভোজনৰ খাদ্যত মৰা জেঠী

mid day meal

এখন অংগনবাড়ী কেন্দ্ৰত যোগান ধৰা মধ্যাহ্ন ভোজনৰ খাদ্যত উদ্ধাৰ হৈছে মৰা জেঠী।

তামিলনাডুৰ চুড্ডালোৰেত থকা এটা অংগনবাড়ী কেন্দ্ৰত প্ৰস্তুত কৰা মধ্যাহ্ন ভোজনৰ খাদ্যত মৰা জেঠী উদ্ধাৰ হয়।

খাদ্য গ্ৰহণ কৰা পিছতে শিশুসকলৰ কিছুসংখ্যক অচেতন হোৱাৰ লগতে আন কিছুসংখ্যক শিশুৰ বমি হয়।

১৭ জনকৈ শিশুক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হয়।

এই ঘটনাৰ পাছতে ঘটনাস্থলীত বিভাগীয় লোক উপস্থিত হৈ উক্ত খাদ্য পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

স্থানীয় উপায়ুক্তই সমগ্ৰ ঘটনাটোৰ তদন্ত ঘোষণা কৰাৰ লগতে তদন্তৰ অন্তত দোষী সাব্যস্ত হোৱা লোকসকলক বৰ্খাস্ত কৰিব বুলি মন্তব্য কৰে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও দেশৰ কিছু স্থানত মধ্যাহ্ন ভোজনৰ খাদ্য গ্ৰহণ কৰি শিশু অসুস্থ হোৱাৰ বাতৰি প্ৰকাশ পাইছিল।

Category
Profile picture for user UB Photos