সন্ধানহীন দুই কিশোৰী মৃতদেহ উদ্ধাৰ

Missing two teenage bodies recovered

ধুবুৰী জিলাৰ ফকিৰগঞ্জ থানাৰ অন্তৰ্গত সাতশিয়াৰ বালাটাৰীত ব্ৰহ্মপুত্ৰ নৈত গা ধুবলৈ গৈ সন্ধানহীন হৈছিল দুই কিশোৰী। আজি উদ্ধাৰ হয় মৃতদেহ দুটা ৷

সোমবাৰে ব্ৰহ্মপুত্ৰ নৈত গা ধুবলৈ গৈ দুগৰাকী কিশোৰী সন্ধানহীন হোৱাৰ পিছত ৰাতিৰ পৰা SDRF বাহিনী আৰু স্থানীয় ৰাইজৰ তৎপৰতাত অভিযান চলাই আজি পুৱতি নিশা ঘটনাস্থলীত কাষৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় দুই কিশোৰীৰ মৃতদেহ ৷

পানীত উপঙি থকা অৱস্থাত SDRF বাহিনীয়ে উদ্ধাৰ কৰে কিশোৰী দুগৰাকীৰ মৃতদেহ ৷

মৃতদেহ দুটা ১০ বছৰীয়া আন্না ভানু আৰু ৮ বছৰীয়া জামেলা খাতুনৰ বুলি জানিব পৰা গৈছে৷ মৃতদেহ দুটা উদ্ধাৰ হোৱাৰ পাছত অঞ্চল জুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷

Category
Profile picture for user UB Photos