হাজাৰৰো অধিক আধাৰ কাৰ্ড, পান কাৰ্ড বস্তাত ভৰাই পুখুৰীত দলিয়ালে ডাক ঘৰৰ কৰ্মচাৰীয়ে

More than a thousand Aadhaar cards, pan cards packed and thrown into ponds by post office staff

বৰ্তমান সময়ৰ অতিকৈ প্ৰয়োজনীয় নথি- আধাৰ কাৰ্ড, পান কাৰ্ড আদি গুৰুত্বপূৰ্ণ নথিসমূহ গৰাকীক দিয়াৰ পৰিৱৰ্তে বস্তাত ভৰাই পুখুৰীত পেলাই দিয়াৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে  ডাকঘৰৰ বিৰুদ্ধে।

এনে ঘটনা সংঘটিত হৈছে দৰং-ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী লালপুল ডাক ঘৰত। শনিবাৰে আবেলি ডাক ঘৰৰ পিছফালে থকা পুখুৰীৰ পাৰত খৰি বুটলি থকা সময়তে কোনো লোকে পুখুৰীত এটা বস্তা প্ৰত্যক্ষ কৰে। পিছত বস্তাটো খোলি চোৱাত উৰহী গছৰ ওৰ ওলাই পৰে। বস্তাৰ ভিতৰত আছিল হাজাৰৰো অধিক আধাৰ কাৰ্ড, পান কাৰ্ড আৰু এটিএম কাৰ্ড।

গৰাকীক দিয়াৰ পৰিৱৰ্তে লালপুল ডাক ঘৰৰ কৰ্মচাৰীয়ে বস্তাত ভৰাই পুখুৰীত পেলাই দিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। এই সন্দৰ্ভত ডাক ঘৰখনৰ পৰিচালকজনৰ পৰা প্ৰতিক্ৰিয়া বিচৰা হৈছিল যদিও পৰিচালকজন অজ্ঞাত প্ৰকাশ কৰি মন্তব্য দিয়াৰ পৰা বিৰত থাকে।

ডাক ঘৰৰ কৰ্মচাৰীৰ এনে দায়িত্ব জ্ঞানহীন কৰ্মকাণ্ডৰ বাবে ভয়ংকৰ বিপদৰ সন্মুখীন হ’ব পাৰে একাংশ লোক।

উল্লেখ্য যে, লালপুল ডাক ঘৰৰ কৰ্মচাৰীয়ে ডাক সেৱাৰ জৰিয়তে অহা বস্তু গৰাকীক নিদিয়াৰ অভিযোগ পূৰ্বৰে পৰা উত্থাপন হৈ অহাৰ সময়তে অতি গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয় নথি এনেদৰেই পুখুৰীত পেলাই দিয়াৰ ঘটনাই অঞ্চলজুৰি চেপা উত্তেজনাৰ সৃষ্টি কৰিছে। গতিকে ঘটনা সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষী কৰ্মচাৰীৰ ওপৰত কঠোৰ শাস্তি প্ৰদান কৰিবলৈ চৰকাৰ-প্ৰশাসন তথা ভাৰতীয় ডাক বিভাগক দাবী জনাইছে স্থানীয় ৰাইজে।

Category
Profile picture for user UB Photos