
আজিৰে পৰা নিমাতীঘাটত আৰম্ভ হ’ল চৰকাৰী জাহাজৰ চলাচল। দীৰ্ঘদিন ধৰি চলাচল বন্ধ হৈ থকা ৰ’পেক্স জাহাজ চলিছে ব্ৰহ্মপুত্ৰৰ বুকুত।
জীৱনত কোনোকালেই লাইফ জেকেট পৰিধান কৰি ফেৰীত উঠি নোপোৱা যাত্ৰীয়ে পিন্ধিলে লাইফ জেকেট।
এতিয়াৰে পৰা বাধ্যতামূলক কৰা হ’ল লাইফ জেকেট পৰিধান কৰাটো। লাইফ জেকেট নিপিন্ধাকৈ কোনো যাত্ৰীয়ে ফেৰীৰে কৰিব নোৱাৰিব যাত্ৰা। আনহাতে, ব্ৰহ্মপুত্ৰত সম্পন্ন হৈছে ৰ’পেক্সৰ টেষ্ট ড্ৰাইভ। সকলো থিকে থাকিলে আজিৰে পৰা চলিব এই জাহাজ।
চৰকাৰৰ এই ব্যৱস্থাক এতিয়া আদৰণি জনাইছে সকলোৰে। পিছে এই ব্যৱস্থা কিমানদিনলৈ অব্যাহত থাকিব, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।
- Log in to post comments