আমাৰ লৰাটোক উলিয়াই দিয়ক! ভৰ লুইতলৈ বিক্ৰমজিৎৰ পৰিয়ালৰ প্ৰাৰ্থনা

Vikramjit Family

বুধবাৰে নিমাতী ঘাটত যাত্ৰীসকলৰ সৈতে দুখন ফেৰী নাওৰ সংঘৰ্ষ হৈছিল।

যেন এটি অনাকাংক্ষিত দিনে হাতবাউল দি মাতিছিল মাজুলিবাসীক। কেতিয়াওঁ কাৰো কাম্য় নোহোৱা এটা দিন।

খবৰটো বিয়পি পৰাৰ লগে লগে সমগ্ৰ ৰাজ্য়তে শোকৰ চাঁ পৰিছিল।

নিমাতী ঘাটৰ পৰা মাজুলী অভিমুখে গৈ থকা এখন ব্যক্তিগত ফেৰী নদীদ্বীপৰ পৰা অহা 'এমবি টিপকাই' ফেৰীৰ সৈতে সংঘৰ্ষ হোৱাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। 

এই সংঘৰ্ষটোত এগৰাকী যুৱতীৰ মৃত্যু হয়, দুজন এতিয়াও সন্ধানহীন আৰু আন ৮০ জনৰো অধিক লোকে তেওঁলোকৰ জীৱনৰ আটাইতকৈ ভয়ংকৰ অভিজ্ঞতাৰ সন্মুখীন হ'ব লগা হয় কিয়নো তেওঁলোকে যাত্ৰা কৰি থকা ফেৰীখন যোৰহাট জিলাৰ নিমাতীঘাটৰ ওচৰৰ ব্ৰহ্মপুত্ৰ নদীত আন এখন ফেৰীৰ খুন্দাত বাগৰি পৰে।

সন্ধানহীন হৈ থকা যুৱক দুজনৰ এজন যোৰহাটৰ চিকিৎসক ডঃ বিক্ৰমজিৎ বৰুৱা।

বিক্ৰমজিৎৰ সন্ধানত পৰিয়ালৰ লোকসকল বৰ্তমান নিমাতী ঘাটত নিখোজ।

Vikramjit Family

আমাৰ লৰাটোক উলিয়াই দিয়ক বুলি পৰিয়ালৰ লোকে জনাইছে কাতৰ অনুৰোধ।

ভৰলুইতলৈ চাই পূজা অৰ্চনা কৰিছে চিকিৎসক বিক্ৰমজিৎৰ পৰিয়ালে। 

উল্লেখ্য় যে বৃহস্পতিবাৰে পুৱাই নিমাতীঘাটৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি সমগ্ৰ ঘটনাৰ বুজ লয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। 

আনহাতে, নৱেম্বৰৰ পৰা যোৰহাট - মাজুলী সংযোগী  দলঙৰ নিৰ্মাণকাৰ্য আৰম্ভ হোৱাৰ কথা উল্লেখ কৰি নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ'বলৈ ৪ বছৰ সময় লাগিব বুলি এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Category
Profile picture for user UB Photos