নিমাতী ঘাটৰ নাও দুৰ্ঘটনাই উদঙাইছে জল পৰিবহন ব্যৱস্থাৰ ফোপোলা স্বৰূপ

The boat accident at Nimati Ghat has exposed the hollow ness of the water transport system.

নিমাতী ঘাটৰ নাও দুৰ্ঘটনাই জল পৰিবহন ব্যৱস্থাৰ ভয়াবহ ছবিখন উদঙাই দিছে।

নিমাতী নাও দুৰ্ঘটনাত কোনোমতে প্ৰাণ ৰক্ষা কৰা একাধিক ব্যক্তিয়ে বৃহস্পতিবাৰে শিৱসাগৰ টেকেলীফুটা ঘাটেৰে মাজুলী, ঢকুৱাখানা আদি ঠাইলৈ বুলি ৰাওনা হৈছে।

শিৱসাগৰ দিচাংমুখৰ ব্ৰহ্মপুত্ৰৰ টেকেলীফুটা ঘাটটো একেই পৰিৱেশ। বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে জল পৰিবহন ব্যৱস্থাক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান জনাইছে।

লক্ষ্যণীয় যে টেলীফুটা ঘাটেৰে পাৰ হোৱা ফেৰী সমূহতো নাই যাত্ৰী অনুসাৰে লাইফ জেকেট , নাই লাইফ টিউব। তাৰোপৰি টেঙেলী ফুটা ঘাটটোত ফেৰীসমূহত কিমান যাত্ৰী অহা যোৱা কৰে তাৰ কোনো ৰেজিষ্টাৰ মেইন্টেইন কৰা নহয়।

কেৱল ইমানেই নহয়, দিচাংমুখত থকা জল পৰিবহন বিভাগৰ শাখা কাৰ্যালয়ত নিয়মীয়া কতব্যটো কৰ্মচাৰী সকলে উপস্থিত নাথাকে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্নজনে।

Category
Profile picture for user UB Photos