সতীৰ্থক গুলিয়াই নিজেই আত্মহত্যা চি আৰ পি এফৰ জোৱানৰ!

CRPF Jawan Commit suicide

এজন জোৱানে এজন সতীৰ্থক গুলিয়াই আত্মহত্যা কৰে।

নগাঁৱত কাটিমাৰীৰ চি আৰ পি এফ কেম্পত এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হৈছে বুলি জানিব পৰা গৈছে।

দুয়োজন চি আৰ পি এফৰ জোৱানৰ মাজত প্ৰথমে বাক-বিতণ্ডা আৰু তাৰপিছতেই গুলিয়াগুলীৰ ঘটনা সংঘটিত হয়।

এই ঘটনা সংঘটিত হোৱাৰ পিছতেই বৰ্তমান অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।

জানিব পৰা মতে, বিজয় মিশ্ৰ নামৰ চি আৰ পি এফৰ জোৱানজনে প্ৰাঞ্জল দত্ত নামৰ আন এজন সতীৰ্থ চি আৰ পি এফৰ জোৱানক গুলিয়াই পৰৱৰ্তী সময়ত নিজে মুৰত গুলিয়াই আত্মহত্যা কৰে।

আনহাতে, আঘাতপ্ৰাপ্ত প্ৰাঞ্জল দত্ত নামৰ জোৱানজনক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয়।

এই ঘটনা সংঘটিত হোৱাৰ বাতৰি লাভ কৰাৰ পাছতে ঘটনাস্থলীত নগাঁও আৰক্ষীৰ এটা দল উপস্থিত হৈছে।

Category
Profile picture for user UB Photos