আফগানিস্তানত চৰকাৰ গঠন কৰিলে তালিবানে

Taliban Govt

আফগানিস্তানত চৰকাৰ গঠন কৰিলে তালিবানে। আনুষ্ঠানিকভাৱে গঠন কৰিলে ৩৩জনীয়া মন্ত্ৰীসভাৰে অন্তৱৰ্তীকালীন চৰকাৰ।

ঘোষণা কৰিলে মন্ত্ৰীসভাৰ নাম-তালিকা। কাবুলত পাকবিৰোধী প্ৰতিবাদৰ মাজতে চৰকাৰ গঠন কৰিলে তালিবানে।

মঃ হাছান আখুন্দজাই আফগানিস্তানৰ প্ৰধানমন্ত্ৰী। স্থায়ীকৈ চৰকাৰ গঠন নোহোৱালৈকে মহম্মদ হাছান অখুন্দে দিব চৰকাৰৰ নেতৃত্ব।

আফগানিস্তানৰ উপ-প্ৰধানমন্ত্ৰী মোল্লা বাৰাদাৰ। ষ্টানিকজাইক উপ-বিদেশ মন্ত্ৰী হিচাপে নিৰ্বাচিত।

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ দায়িত্বত মোল্লা য়াকুব। মোল্লা আমিৰ খান মুট্টাকি বিদেশ মন্ত্ৰী নিযুক্ত।

দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী ছাৰাজুদ্দিন হাক্কানিক গৃহমন্ত্ৰীৰ দায়িত্ব। কট্টৰপন্থী তালিবানী আখুন্দে ২০০১ৰ পৰাই আত্মগোপন কৰি আছিল।

আমেৰিকা আক্ৰমণৰ পিছতে অন্তৰ্ধান হৈছিল আখুন্দ।

Category
Profile picture for user UB Photos