আৰক্ষী আৰু সেনাবাহিনীত যোগদান কৰি দেশৰ বাবে সেৱা আগবঢ়াবলৈ নিজকে প্ৰস্তুত কৰি তুলিছে কামপুৰৰ শতাধিক যুৱক-যুৱতীয়ে। কামপুৰ ক্ৰীড়া সন্থাৰ খেল পথাৰত দৈনিক কঠোৰ অনুশীলনত ব্যস্ত হৈ পৰিছে শিক্ষিত যুৱক-যুৱতী সকল।
কামপুৰৰ বিভিন্ন প্ৰান্তৰ পৰা পুৱা পাঁচ বজাত আহি খেল পথাৰত উপস্থিত হয় যুৱক-যুৱতীসকল। উদ্দেশ্য এটাই, আৰক্ষী আৰু সেনা বাহিনীত নিয়োজিত হৈ দেশমাতৃৰ বাবে সেৱা আগবঢ়োৱা। যুৱক-যুৱতীসকলক প্ৰতিদিনে অনুশীলনত সহায় কৰিছে ৰাজ্যিক ভলীবল খেলুৱৈ তথা যুৱ ব্যৱসায়ী ৰিটুমণি বৰাই।
যুৱক-যুৱতীসকলৰ আশা এটাই, স্বচ্ছ আৰু নিকা হওঁক ইন্টাৰভিউ প্ৰক্ৰিয়া।
- Log in to post comments