
ৰেষ্টুৰেইণ্টত বিৰিয়ানী খাওঁতে সাৱধান! ওলাব পাৰে টাইলছৰ টুকুৰা।
ৰেষ্টুৰেইণ্টত বহি আপোনাৰ প্ৰিয় খাদ্য় বিৰিয়ানী খাওঁতে অধিক সাৱধান হওঁক।
এখন নামী দামী ৰেষ্টুৰেইণ্টৰ বিৰিয়ানী প্লেটত ওলাইছে টাইলছৰ টুকুৰা।
এই ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীৰ মাজমজীয়াত।
উলুবাৰীত দিল্লী দৰবাৰ ৰেষ্টুৰেইণ্টত সংঘটিত হৈছে এই ঘটনা।
গ্ৰাহকে খাবলৈ গৈছিল বিৰিয়ানী, মাংসৰ ঠাইত পালে টাইলছৰ টুকুৰা।
গ্ৰাহকে খাবলৈ লওতেই বিৰিয়ানিত দেখা পায় টাইলছৰ টুকুৰা ৷
লগে লগে ৰেষ্টুৰেন্টখনৰ বিৰুদ্ধে অভিযোগ দাখিল গ্ৰাহকৰ ৷
পূৰ্বেও ৰেষ্টুৰেন্ট খনৰ বিৰুদ্ধে এই ক্ষেত্ৰত আছে বহু অভিযোগ ৷
- Log in to post comments