
টকিঅ' পেৰা অলিম্পিকত ভাৰতৰ জয়। ভাৰতৰ হৈ পেৰা অলিম্পিকত পদক জয় কৰিলে ভাবিনাই। টেবুল টেনিছত ৰূপৰ পদক জয় কৰিলে ভাৰতীয় পেৰা খেলুৱৈ ভাবিনা পেটেলে।
শুকুৰবাৰে ছেমিত প্ৰৱেশেৰে প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰথমটো পদক নিশ্চিত কৰিছিল খেলুৱৈগৰাকীয়ে। বিশ্বৰ তৃতীয় বাছনিৰ খেলুৱৈ চীনৰ মিয়ায়ো ঝাংকোক মেচত হৰুৱাই ছেমিত প্ৰৱেশ কৰি ৰূপৰ পদক নিশ্চিত কৰে ভাবিনাবেনে।
দেওবাৰে, ফাইনেলত বিশ্বৰ শীৰ্ষ বাছনিৰ খেলুৱৈ চীনৰ ঝৌ য়িঙৰ সৈতে খেলত নামে ভাৰতীয় খেলুৱৈগৰাকী। মহিলাৰ চিংগলছত ভাবিনাই ৭-১১, ৫-১১ আৰু ৬-১১ পইন্টত চীনা খেলুৱৈগৰাকীৰ হাতত পৰাস্ত হয় ভাবিনা
১৩ বছৰ পূৰ্বেই টেবুল টেনিছ খেলিবলৈ আৰম্ভ কৰিছিল ভাবিনাই।
খেলুৱৈগৰাকীৰ সফলতাৰ পিছতেই উফুল্লিত হৈ পৰিছে ভাবিনাৰ পৰিয়ালবৰ্গ।
- Log in to post comments