৭০ উৰ্দ্ধৰ নামঘৰীয়াৰ কামনাৰ বলি নাতিনী!

৭০ উৰ্দ্ধৰ এজন নামঘৰীয়াৰ কামনাৰ বলি ১১ বছৰীয়া কণমানি

সমাজক লজ্জানত কৰি কোন দিশে ঢাপলি মেলিছে আমাৰ সমাজ? সমাজক পথ দেখুওৱা বৰমূৰীয়াৰ হাততেই এতিয়া সুৰক্ষিত নহয় সমাজৰ একাংশ। ৰাজ্যত দিনক-দিনে ধৰ্ষণৰ ঘটনা বৃদ্ধি পোৱাৰ সময়তে এতিয়া ককাদেউতাকৰ বয়সৰ এজন ব্যক্তিৰ হাতত ধৰ্ষিতা হ'ল এজনি কণমানি।

এই জঘন্য ঘটনা  সংঘটিত হৈছে লখিমপুৰৰ নাওবৈচাৰ গেন্ধালীত। কোষেশ্বৰ দত্ত নামৰ ৭০ উৰ্দ্ধৰ এজন নামঘৰীয়াৰ কামনাৰ বলি ১১ বছৰীয়া কণমানি। সন্ধিয়াৰ সময়ত গাঁৱৰ নামঘৰৰ কাষতে এৰাল দি থোৱা ছাগলীজনী আনিবলৈ যোৱাৰ সময়তে কণমানিজনীক মণিকূটলৈ ফুচুলাই নি বলপূৰ্বকভাৱে ধৰ্ষণ কৰে নামঘৰীয়াই। ১৪ জুলাইতেই সংঘটিত হয় এই ঘৃণনীয় কাণ্ড।

অসংযত অৱস্থাত মণিকূটৰ ভিতৰত হাতে-লোটে স্থানীয় লোকে ধৰা পেলায় দুয়োকে। একাংশ লোকে নামঘৰত সভা পাতি ঘটনাটো মীমাংসাৰো চেষ্টা চলায় যদিও অৱশেষত ছোৱালীজনীৰ মাতৃৰ এজাহাৰৰ ভিত্তিত লম্পট নামঘৰীয়া কোষেশ্বৰ দত্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

ৰাইজৰ অভিযোগ অনুসৰি ইয়াৰ পূৰ্বেও কেইবাবাৰো নামঘৰীয়াই কণমানি জনীক ফুচুলাই ভয়-ভাবুকিৰে বলাৎকাৰ কৰাৰ চেষ্টা চলাইছিল। সমাজৰ বৰমূৰীয়া লোকৰ এনে জঘন্য কাণ্ডৰ পাছত আৰক্ষীয়ে কিদৰে ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ'ব।

Category
Profile picture for user UB Photos