সৰুপথাৰত আন্ত:ৰাষ্ট্রীয় বক্সাৰ লাভলীনাক সম্বৰ্ধনা

সৰুপথাৰত আন্ত:ৰাষ্ট্রীয় বক্সাৰ লাভলীনাক সম্বৰ্ধনা

#news_time_assam #Assam #LovlinaBorgohain #Tokyo #Olympics 

অৰ্জুন বঁটা প্ৰাপক আন্ত: ৰাষ্ট্রীয় বক্সাৰ লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা জনায় সৰুপথাৰ সমষ্টিৰ বিধায়ক আৰু গোলাঘাট জিলা ক্রীড়া বিষয়াই।

   টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা অসমৰ প্ৰথম গৰাকী মহিলা লাভলীনাৰ গৃহত বিধায়ক বিশ্বজিৎ ফুকন আৰু জিলা ক্রীড়া বিষয়া উপস্থিত হৈ বক্সাৰ গৰাকীক সম্বৰ্ধনা জনায়। বক্সাৰ গৰাকীৰ হৈ পিতৃ টিকেন বৰগোঁহাইয়ে সম্বৰ্ধনা গ্রহণ কৰে ।

   বিধায়কৰ লগতে জিলা ক্রীড়া বিষয়াইও টকিঅ' অলিম্পিকত লাভলীনাৰ সফলতা কামনা কৰে। এই অনুষ্ঠানতে মুখ্যমন্ত্রীয়ে সাত লাখ টকাৰ সাহাৰ্য দিয়াৰ কথা ঘোষণা কৰে বিধায়ক গৰাকীয়ে। অনুষ্ঠানত ধনশিৰি মহকুমাৰ মহকুমাধিপতিও উপস্থিত থাকি বক্সাৰ গৰাকীৰ সফলতা কামনা কৰে ।

Category
Profile picture for user UB Photos