নতুন নিৰ্দেশনা জাৰি কৰিছে মেঘালয় চৰকাৰে

নতুন নিৰ্দেশনা জাৰি কৰিছে মেঘালয় চৰকাৰে

#news_time_assam #Meghalaya #Lockdown #EastKhasiHills

চুবুৰীয়া ৰাজ্যত পুনৰ বৃদ্ধি কাৰ্ফিউ৷ বন্ধ থাকিব সকলো দোকান-পোহাৰ, শিক্ষানুষ্ঠান৷ যানবাহনৰ চলাচলত ব্যৱস্থাত প্ৰযোজ্য হ'ব যুগ্ম-অযুগ্ম নীতি৷ কাৰ্ফিউৰ সময়ছোৱাত ৰেষ্টুৰেণ্টত গ্ৰাহকে বহি খাব নোৱাৰিব আহাৰ৷ একেদৰে কোনোলোক ওলাই আহিব নোৱাৰিব ৰাজপথলৈ৷ এই নতুন নিৰ্দেশনা জাৰি কৰিছে মেঘালয় চৰকাৰে৷

   অৱশ্যে এই নিদেৰ্শনা প্ৰযোজ্য হ'ব গাৰো পাহাৰ হিলচ্ স্বায়ত্ত্ব শাসিত পৰিষদ এলেকাত৷ ক'ভিড কেন্দ্ৰিক পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে এই নিৰ্দেশনা বলৱৎ থাকিব বুলি স্পষ্ট কৰি দিয়ে পাৰ্বত্য ৰাজ্যখনৰ চৰকাৰে৷

   উল্লেখ্য যে, খাচী হিলচত দ্ৰুতগতিত বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্তৰ সংখ্যা৷

Category
Profile picture for user UB Photos