মৰাণত পথ দুৰ্ঘটনাত/ নিহত ১

সোমবাৰে নিশা শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়

    মৰাণত সোমবাৰে নিশা শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ মৰাণ নগৰত সংঘটিত দুৰ্ঘটনাত মৃত্যু হয় মৰাণ নতুন নগৰৰ প্ৰয়াত তিৰ্থেশ্বৰ দিহিঙ্গীয়া পুত্ৰ লক্ষ্যজ্যোতি দিহিঙ্গীয়া (৩৪) নামৰ যুৱ ব্যৱসায়ী জনৰ ৷

      নিজৰ এ এছ ০৬ পি ০৮৬৭(AS 06 P O867) নম্বৰৰ  ছেন্ট্ৰ' গাড়ীৰে মৰাণ নগৰৰ পৰা মৰাণ নতুন নগৰ ৰূপকোঁৱৰ পথতস্থিত ঘৰলৈ গৈ থকা অৱস্থাত নিশা প্ৰায় ১০-৩০ বজাত মৰাণ মেডিকেল ছেন্টাৰৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তিনিচুকীয়া পৰা গুৱাহাটীলৈ গৈ থকা এ এছ ১৭ বি ৮৭১৪( AS 17 B 8714 নম্বৰৰ  মালবাহী  ট্ৰাকে সন্মুখৰ পৰা তীব্ৰ বেগে খুন্দা মাৰি  মহতিয়াই নিয়ে ।

সোমবাৰে নিশা শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়

ফলত ছেন্ট্ৰ'খন চূচুৰ্মৈ হোৱাৰ লগতে যুৱক গুৰুতৰ ভাৱে আহত হয় । সংকটজনক অৱস্থাত চিকিৎসা বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ হস্পিতাললৈ  নিয়াৰ পথত মৃত্যু হয় যুৱকজনৰ ৷

     ডিব্ৰুগড় জিলাৰ মৰাণ থানাৰ আৰক্ষীয়ে দুৰ্ঘটনাতো সংঘটিত কৰা ট্ৰাকখন  জব্দ কৰি ট্ৰাকখনৰ চালক ধুবুৰী ছাগলীয়াৰ বাবুল শেখৰ পুত্ৰ ছহিদুল ইছলামক গ্ৰেপ্তাৰ কৰি আজি ৰঙাঘৰলৈ প্ৰেৰণ কৰিছে।

Category
Profile picture for user UB Photos