চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাই পথত বৃহৎ পুখুৰীসদৃশ গাঁত

বৃহৎ পুখুৰীসদৃশ গাঁত

    যাতায়ত আৰু যোগাযোগ ব্যৱস্থা তৰাম্বিত কৰাৰ লক্ষ্যৰে  চৰকাৰে আধুনিক পদ্ধতিৰে ৰাষ্ট্ৰীয় ঘাইপথ চাৰিলেন যুক্তপথলৈ উন্নীতকৰণ বাবে পদক্ষেপ গ্ৰহণ কৰিছে যদিও একাংশ পথ নিৰ্মাণকাৰী সংস্থা তথা চৰকাৰৰ  অদূৰৰ্দশীতা বাবে দুৰ্ভোগ ভুগিব লগা হৈছে সাধাৰণ ৰাইজে ।

       তেনে এটা অতি গুৰুত্বপূৰ্ণ পথ হৈছে নগাঁও জিলাৰ মাজেৰে যোৱা  ৩৭ নং চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাই পথ ।উত্তৰ-পূব ভাৰতৰ তথা মধ্য অসমৰ অতি গুৰুত্বপূৰ্ণ এই ৩৭নং ৰাষ্ট্ৰীয় ঘাই মাজৰে প্ৰতিদিনে যাতায়ত কৰে হাজাৰ হাজাৰ গাড়ীয়ে । বৰ্তমান পথটোৰ দুৰৱস্থাৰ বাবে দুৰ্ঘটনা হোৱাৰ লগতে জৰুৰীকালীন কামত কোনো লোকে সময় মতে গন্তব্য স্থান আহি নাপায় । বিশেষকৈ নগাঁৱৰ গোমোঠা গাঁৱত পথটোৰ জৰাজীৰ্ণ ৰূপে বাৰুকৈয়ে বিপদত পেলাইছে স্থানীয় ৰাইজক ।পথটোৰ মাজত সৃষ্টি হৈছে বৃহৎ বৃহৎ পুখুৰীসদৃশ গাঁতৰ ।যাৰ বাবে স্থানীয় ৰাইজে এতিয়া পথটোৰে পাৰ হ'বৰ বাবে বহুবাৰ ভাবিলগীয়া হৈছে ।

      উল্লেখ্য যে পোনপ্ৰথমে  নগাঁৱৰ উৰিয়া গাঁৱৰ পৰা-ৰঙাগড়া 18.4 কিলোমিটাৰ দৈঘ্য এই পথ চোৱা অৰুণাচল প্ৰদেশৰ টি কে ইঞ্জিনীয়াৰ নামৰ এটা কোম্পানীয়ে ঠিকা লাভ কৰিছিল যদিও নিৰ্ধাৰিত সময়ত পথ চোৱা নিৰ্মান সম্পূৰ্ণ কৰিব নোৱাৰিলে । যাৰ ফলত চৰকাৰে পুনৰ নিবিদা দিব লগা হল । সেই অনুসৰি বহি ৰাষ্ট্ৰৰ PRL আৰু গংগা -সাগৰ নামৰ দুটা কোম্পানী য়ে দুটা ভাগত পুনৰ নিৰ্মাণৰ নিবিদা লাভ কৰে । কিন্তু বৰ্তমান লেহেম গতিত নিৰ্মাণ আৰম্ভ কৰাত বিশেষকৈ খৰালি দিনত মেৰামতি কৰাৰ উত্তম সময় আছিল যদিও ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰনৰ অদূৰদৰ্শিতাৰ বাবে পথ মেৰামতি কাম আৰম্ভ নহল । যাৰ ফল ভোগ কৰিব লগা হৈছে এতিয়া স্থানীয়  ৰাইজে ।

Category
Profile picture for user UB Photos